কানাডাত গুলিবিদ্ধ হৈ নিহত ভাৰতীয় ছাত্ৰী হৰ্ষিমৰাট ৰান্ধৱা

Story by  atv | Posted by  Munni Begum • 12 h ago
ভাৰতীয় ছাত্ৰী হৰ্ষিমৰাট ৰান্ধৱা
ভাৰতীয় ছাত্ৰী হৰ্ষিমৰাট ৰান্ধৱা
 
নিউয়ৰ্ক
 
কানাডাত দুটা গোটৰ মাজত সংঘটিত হোৱা সংঘৰ্ষ এগৰাকী ২১ বছৰীয়া ভাৰতীয় ছাত্ৰী নিহত হয়। অন্টাৰিঅ’ৰ হেমিল্টনৰ মহ’ক কলেজৰ ছাত্ৰী আছিল হৰ্ষিমৰাট ৰান্ধৱা। কামলৈ ওলাই যোৱাৰ সময়ত বাছ ষ্টপত ৰৈ থকা অৱস্থাত এখন গাড়ীৰে অহা দুবৃত্তই গুলীচালনা মৃত্য হয় ছাত্ৰীগৰাকীৰ। বুধবাৰে সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্ত কৰি হেমিল্টন আৰক্ষীয়ে কয় যে ৰান্ধৱা এগৰাকী নিৰীহ ছাত্ৰী আছিল।
 
টৰন্টোত থকা ভাৰতৰ কনছুলেট জেনেৰেলে এক্স শুকুৰবাৰে এটা পোষ্টত কয় যে, "অন্টাৰিঅ'ৰ হেমিল্টনত ভাৰতীয় ছাত্ৰ হৰ্ষিমৰাট ৰান্ধৱাৰ কৰুণ মৃত্যুত আমি গভীৰভাৱে দুখী হৈছো।" 
 
স্থানীয় আৰক্ষীৰ মতে, ছাত্ৰীগৰাকী নিৰীহ ভুক্তভোগী আছিল, তেওঁ দুখন বাহনৰ মাজত সংঘটিত গুলীচালনাৰ সময়ত এক বিপথগামী গুলীৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। বৰ্তমান হত্যাৰ তদন্ত চলি আছে। আমি তেওঁৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছো আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছো। এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালটোলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছো।" 
 
হেমিল্টন আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭.৩০ বজাত হেমিল্টনৰ আপাৰ জেমছ আৰু চাউথ বেণ্ড ৰোড ষ্ট্ৰীটৰ ওচৰত গুলীচালনাৰ খবৰ লাভ কৰিছিল। আৰক্ষী আহি বুকুত গুলীৰ আঘাত পোৱা ৰন্ধাৱাক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও  চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰিছে।