নতুন দিল্লী
ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্রাবোবো সুবিয়ান্তোৱে। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰ্যালয়ৰ ফালৰ পৰা এই কথা সদৰী কৰা হয়।
আগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত পেৰেডত অংশগ্রহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে। ইণ্ডোনেছিয়া আৰু ভাৰতৰ প্ৰাচ্যৰ নীতি আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা বৰ্তাই ৰখাৰ উদ্দেশ্যে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ এই উপস্থিতি অতিকে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে।
দেশখনৰ ৰাষ্ট্ৰপতিৰ আগমনে দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলিও বিদেশ মন্ত্ৰ্যালয়ৰ তথ্যত প্রকাশ কৰে।