ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ আইনী আৰু বৈধ: খামেনেই

Story by  atv | Posted by  [email protected] • 1 d ago
ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনে
ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনে
 
তেহৰাণ

তেহৰানৰ গ্ৰেণ্ড মোছাল্লা মছজিদত শুকুৰবাৰৰ নামাজৰ নেতৃত্ব দি ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনেই চলিত সপ্তাহৰ আৰম্ভণিতে ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণক প্ৰশংসা কৰি ইয়াক “সম্পূৰ্ণ আইনী আৰু বৈধ কাম” বুলি অভিহিত কৰে।

খামেনেই তেওঁৰ ধৰ্মধ্বনিৰ এটা অংশ সমগ্ৰ ইছলামিক বিশ্বৰ বাবে "বিশেষকৈ লেবানন আৰু পেলেষ্টাইন"ৰ বাবে বাৰ্তা হিচাপে আৰবী ভাষাত প্ৰদান কৰে, কিয়নো তেওঁৰ কথা শুনিবলৈ আৰু লগতে হিজবুল্লাহৰ মহাসচিব হাছান নাছৰল্লাহৰ স্মৃতিচাৰণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিবলৈ হাজাৰ হাজাৰ লোকে সভাস্থলীত সমবেত হৈছিল। 
 
দেশখনৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানকো অন্তৰ্ভুক্ত কৰা বিশাল সমাৱেশত ইৰাণৰ শীৰ্ষ নেতাগৰাকীয়ে কয় যে দুই-তিনি নিশাৰ পূৰ্বে আমাৰ সশস্ত্ৰ বাহিনীয়ে কৰা কাম সম্পূৰ্ণ আইনী আৰু বৈধ কাম আছিল। ইৰাণৰ শত্ৰু হৈছে পেলেষ্টাইন, লেবানন, ছিৰিয়া, ইজিপ্ত, য়েমেন, আৰু ইৰাকৰ শত্ৰু। শত্ৰু একে আৰু সকলোতে বিশেষ পদ্ধতিৰে কাম কৰে, কিন্তু নিয়ন্ত্ৰণ কক্ষ একে।
খামেনেই কয় যে তেওঁ ইছলামিক জগতৰ এজন “প্ৰশংসিত ব্যক্তিত্ব” আৰু লেবাননৰ “জিলিকি থকা মণি” হোৱাৰ বাবে জুম্মাৰ নামাজৰ সময়ত নছৰল্লাহক সন্মান জনোৱাটো প্ৰয়োজনীয় বুলি বিশ্বাস কৰে।

"ছৈয়দ হাছান নছৰল্লাই যোদ্ধা আৰু সত্যৰ সন্ধানীসকলৰ বাবে আশ্বাস আৰু সাহস কঢ়িয়াই আনিলে। তেওঁৰ জনপ্ৰিয়তা আৰু প্ৰভাৱৰ পৰিসৰ লেবানন, ইৰাণ, আৰব দেশৰ বাহিৰলৈও বিস্তৃত আছিল আৰু এতিয়া তেওঁ শ্বহীদ হোৱাৰ ফলত তেওঁৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি পাব।"