চাবাহাৰ বন্দৰক “সোণালী দুৱাৰ” অভিহিত ইৰাণৰ ৰাষ্ট্ৰদূত ইৰাজ এলাহী

Story by  atv | Posted by  Munni Begum • 6 h ago
ইৰাণৰ ৰাষ্ট্ৰদূত ইৰাজ এলাহী
ইৰাণৰ ৰাষ্ট্ৰদূত ইৰাজ এলাহী
 
নতুন দিল্লী
 
ইৰাণৰ ৰাষ্ট্ৰদূত ইৰাজ এলাহীয়ে চাবাহাৰ বন্দৰক আঞ্চলিক সংযোগৰ বাবে “সোণালী দুৱাৰ” বুলি অভিহিত কৰি দীৰ্ঘম্যাদী কাৰ্যকৰী চুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ জৰিয়তে ভাৰত-ইৰাণৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক আলোকপাত কৰিছে।
 
এলাহীয়ে লক্ষ্য কৰে যে, "আমাৰ অৰ্থনৈতিক সম্পৰ্ক বহু ক্ষেত্ৰত বৃদ্ধি পাইছে। যোৱা বছৰ ইৰাণ আৰু ভাৰতে ভাৰত মহাসাগৰৰ কাষৰীয়া ৰাষ্ট্ৰসমূহক মধ্য এছিয়া আৰু ককেছাছৰ সৈতে সংযোগ কৰাৰ বাবে "সোণালী  দুৱাৰ" হিচাপে পৰিচিত চাবাহাৰ বন্দৰটো পৰিচালনাৰ বাবে দীৰ্ঘম্যাদী চুক্তিত স্বাক্ষৰ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ জৰিয়তে সহযোগিতা আমাৰ দেশসমূহৰ মাজত শক্তিশালী অংশীদাৰিত্বৰ আন এক মূল উদাহৰণ।"
 
ইৰাণৰ দূতগৰাকীয়ে ইছলামিক বিপ্লৱৰ বিজয়ৰ ৪৬ বছৰীয়া জয়ন্তী (ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ৰাষ্ট্ৰীয় দিৱস) উদযাপনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানৰ সময়ত এলাহীয়ে দুয়োখন দেশৰ মাজত থকা শক্তিশালী ঐতিহাসিক সম্পৰ্ককো উদযাপন কৰি আঙুলিয়াই দিয়ে যে "ইৰাণ আৰু ভাৰতৰ মাজত বন্ধুত্বৰ এক দীঘলীয়া ইতিহাস আছে। পাৰ্চী ভাষা আমাৰ মাজত এক মূল সাংস্কৃতিক সংযোগ আৰু ইয়াক ভাৰত চৰকাৰে ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে।" 
 
তেওঁ এছচিঅ’ আৰু ব্ৰিকছৰ দৰে মঞ্চৰ জৰিয়তেকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহত ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। শেহতীয়াকৈ ৰাছিয়াত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি পেজেছকিয়ান আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত হোৱা ইতিবাচক বৈঠকৰ কথাও উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ দ্বাৰা ইৰাণ আৰু ভাৰতৰ মাজত সহযোগিতাৰ এক নতুন অধ্যায় মুকলি হৈছে। 
 
ইছলামিক বিপ্লৱৰ উত্তৰাধিকাৰৰ বিষয়ে চিন্তা কৰি এলাহীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰিছে যদিও বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, "আৰম্ভণিৰে পৰাই এই বিপ্লৱে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিছুমান বাহ্যিক শক্তিয়ে ইৰাণৰ পুনৰ্নিৰ্মাণ আৰু উন্নয়নৰ ক্ষেত্ৰত অগ্ৰগতি লেহেমীয়া কৰাৰ চেষ্টা কৰিছিল। অৱশ্যে ইৰাণৰ জনসাধাৰণৰ স্থিতিস্থাপকতা আৰু দৃঢ়তাৰ বাবেই ইছলামিক ৰিপাব্লিকে বৃদ্ধি পাই আহিছে আৰু বৃহৎ সফলতা লাভ কৰিছে।" 
 
তেওঁ স্বাস্থ্য, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ইৰাণৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰি লগতে কয় যে, “আজি ইৰাণ নেন’ প্ৰযুক্তি আৰু জৈৱ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত আগবাঢ়ি আছে।”
 
এলাহীয়ে মহিলা শিক্ষাৰ অগ্ৰগতি আৰু চৰকাৰত তেওঁলোকৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণৰ বিষয়েও আলোচনা কৰে। তেওঁ কয় যে, আমাৰ ৩২ লাখ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আছে, আৰু ইয়াৰে প্ৰায় আধাত মহিলা, যিয়ে উচ্চ শিক্ষাত মহিলাৰ শক্তিশালী অংশগ্ৰহণ আৰু লিংগ ভাৰসাম্য প্ৰদৰ্শন কৰিছে। 
 
ইয়াৰ উপৰিও তেওঁ চৰকাৰী ভূমিকাত মহিলা আৰু সংখ্যালঘুৰ ক্ৰমবৰ্ধমান প্ৰতিনিধিত্বৰ কথা উল্লেখ কৰি কয় যে, "কনিষ্ঠ আৰু জ্যেষ্ঠ চৰকাৰী পদ দুয়োটাতে মহিলা আৰু সংখ্যালঘুৰ অংশও বৃদ্ধি পাইছে, যিয়ে আমাৰ অন্তৰ্ভুক্ত শাসন নীতিক প্ৰতিফলিত কৰিছে।"
 
ইৰাণৰ বিশ্বব্যাপী স্থানৰ ক্ষেত্ৰত এলাহীয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ লক্ষ্য কৰে যে, ইৰাণৰ প্ৰায় ১০ হাজাৰ জ্ঞানভিত্তিক কোম্পানীয়ে বিভিন্ন প্ৰযুক্তিগত ক্ষেত্ৰত আমাৰ বিশ্বব্যাপী স্থান বৃদ্ধি কৰিছে। ইৰাণ বৈজ্ঞানিক উৎপাদনৰ ক্ষেত্ৰতো দ্বিতীয় মুছলমান দেশ আৰু কেন্সাৰ আৰু স্নায়ুজনিত ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসা আইছ’ট’পৰ আগশাৰীৰ উৎপাদক। 
 
মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশখনৰ কৃতিত্বৰ বিষয়েও তেওঁ কয় যে, “শেহতীয়া বছৰবোৰত ইৰাণৰ যুৱ বিজ্ঞানীসকলে স্থানীয় বিশেষজ্ঞতা ব্যৱহাৰ কৰি কমেও ১০টা উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিছে।”
 
ইৰানে নিজৰ জাতীয় স্বাৰ্থ আৰু আঞ্চলিক শান্তিৰ প্ৰতি ইৰাণৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে। তেওঁ জোৰ দি কয় যে, ইৰাণৰ বৈদেশিক নীতিৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা আৰু অৰ্থনৈতিক কূটনীতি সম্প্ৰসাৰণ কৰা। আমি চুবুৰীয়া দেশসমূহৰ মাজত আলোচনা আৰু সহযোগিতাৰ জৰিয়তে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতাক সমৰ্থন কৰোঁ। 
 
তেওঁ পেলেষ্টাইনৰ প্ৰতি ইৰাণৰ অটল সমৰ্থনকো পুনৰ দৃঢ়তাৰে কয় যে, "৭০ বছৰতকৈও অধিক সময় ধৰি পেলেষ্টাইনীসকলে দখল আৰু অপৰিসীম দুখ-কষ্টৰ সন্মুখীন হৈছে, য'ত মৌলিক অধিকাৰ উলংঘা আৰু মুছলমান পবিত্ৰ স্থানসমূহৰ প্ৰতি অসন্মান কৰা হৈছে। ইৰাণে পেলেষ্টাইন জনসাধাৰণৰ অধিকাৰ আৰু ভৱিষ্যতক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।"
 
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত এলাহীয়ে দৃঢ়তাৰে কয় যে, “ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সদায় শান্তিপূৰ্ণ আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰণ কৰে, আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ সৈতে চলি থকা সহযোগিতাৰ সৈতে।”