আলফা বা উত্তৰ-পূবৰ অন্যান্য উগ্রপন্থী সংগঠনক জামাত-ই-ইছলামীয়ে সহযোগিতা নকৰে: ডাঃ ছফিকুৰ ৰহমান

Story by  atv | Posted by  Munni Begum • 4 Months ago
জামাত-ই-ইছলামীৰ প্ৰধান তথা আমিৰ ডাঃ ছফিকুৰ ৰহমান
জামাত-ই-ইছলামীৰ প্ৰধান তথা আমিৰ ডাঃ ছফিকুৰ ৰহমান
 
ঢাকা
 
বাংলাদেশৰ ৰাজনৈতিক দৃশ্যপটৰ পৰা শ্বেখ হাছিনাৰ বিদায়ৰ পাচত মংগলবাৰে জামাত-ই-ইছলামীৰ প্ৰধান তথা আমিৰ ডাঃ ছফিকুৰ ৰহমানে এক সংবাদমেলত সম্বোধন কৰে। সংবাদমেলত তেওঁ জামাত সম্পৰ্কে দেশ-বিদেশত বিয়পি পৰা ভূল ধাৰণা বিষয়ে মন্তব্য কৰিছে।
 
ঢাকাত ইণ্ডিয়ান মিডিয়া কৰেছপণ্ডেণ্টছ এছ'চিয়েচন, বাংলাদেশ (ইমকাৰ) আয়োজিত এক সংবাদমেলত আমিৰ ডাঃ ছফিকুৰ ৰহমানে কয়, "জামাত শিবিৰ মানেই আতংকৰ নাম, ইছলামী জংগী-সন্ত্রাসবাদী এনে প্ৰচাৰ দেশ-বিদেশৰ মিডিয়াত চলাই অহা হৈছে। কিন্তু জামাত কোনো ধ্বংস কার্যত জড়িত নাছিল, এতিয়াও নাই। মই প্রত্যাহ্বান জনাই কৈছো যদি কেতিয়াবা প্রমাণিত হয় যে, আমাৰ সংগঠনৰ কোনো কর্মী সন্ত্রাসবাদী কার্যকলাপত লিপ্ত হৈছে, তেন্তে আমি দেশৰ ওচৰত ক্ষমা বিচাৰিম বা নিজেই আইনৰ হাতত সমর্পণ কৰিম।" 
 
জামাত-ই-ইছলামীৰ এক সংবাদমেলৰ মূহুৰ্ত
 
ভাৰতৰ সৈতে জামাতৰ সম্পৰ্ক কেনেধৰণৰ বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডাঃ ৰহমানে কয়, "হাছিনাৰ শাসনকালত চাৰে ১৫ বছৰত ভাৰতৰ সৈতে আমাৰ কোনো যোগাযোগ নাছিল। কিন্তু আমি নতুনকৈ সম্পর্ক গঢ়িব বিচাৰো। ভাৰতৰ সৈতে সৎ প্রতিবেশীৰ দৰে সম্পৰ্ক বিচাৰো। কোনো দাদাগিৰি থাকিব নোৱাৰিব, আমি সন্মান আৰু শ্রদ্ধাৰ সম্পৰ্ক বিচাৰো। উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী সংগঠনক পৃষ্ঠপোষকতা আগবঢ়াই অহাৰ অভিযোগ আছে জামাতৰ বিৰুদ্ধে। আলফাই চীনৰ পৰা আমদানি কৰা ১০ ট্রাক অস্ত্র গোচৰত মৃত্যুদণ্ডপ্রাপ্ত আচামী আছিল জামাতৰ পূৰ্বৰ প্ৰধান মতিউৰ ৰহমান নিজামী।"  
 
উত্তৰ-পূবৰ উগ্রপন্থীৰে সম্পৰ্ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি জামাত-ই-ইছলামীৰ মুৰব্বী এগৰাকীয়ে কয়, "আলফা বা উত্তৰ-পূবৰ অন্যান্য উগ্রপন্থী সংগঠনক আৰু আমি সহযোগিতা নকৰো। আলফা বা অন্যান্য সংগঠনসমূহক আমি সহায় কৰিলে, তেওঁলোকেও অন্য ৰকমে আমাৰ ক্ষতি কৰিব।" 
 
সংবাদমেলত তেওঁ জানিবলৈ দিয়ে যে শেহতীয়াভাৱে দেশখনত হিন্দুৰ ঘৰ-বাৰী, উপাসনাস্থলীত চলা আক্ৰমণৰ সময়ত জামাতৰ সদস্যসকলে হিন্দুৰ ঘৰ-দুৱাৰ-মন্দিৰ আদিত পহৰা দিছিল। আমি বিশ্বাস কৰো সকলো মানুহ সমান। ইয়াত সংখ্যাগুৰু, সংখ্যালঘুৰ কোনো প্রশ্ন উঠিব নোৱাৰে।