নতুন দিল্লী
হিৰোছিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰা উদ্ধাৰ হোৱা লোকসকলক প্ৰতিনিধিত্ব কৰা এটা জাপানী সংস্থালৈ আগবঢ়োৱা হৈছে শান্তিৰ ন’বেল বঁটা। জাপানী সংস্থা ‘নিহন হিদাংক্যো’লৈ সংস্থাটোৰ পাৰমাণৱিক অস্ত্ৰমুক্ত পৃথিৱীৰ বাবে কৰা প্ৰচেষ্টাৰ স্বীকৃতি হিচাপে শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।
Japan Confederation of A- and H-Bomb Sufferers Organisations সংস্থাটোৰ সম্পূৰ্ণ নাম। ১৯৫৬ চনত হিৰোছিমা আৰু নাগাছাকিত আমেৰিকাৰ দুটা পৰমাণু বোমা আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত লোকে প্ৰতিষ্ঠা কৰিছিল এই সংস্থাটো, যাক জাপানী ভাষাত ‘হিবাকুছা’ বুলি জনা যায়। সংস্থাটোৰ লক্ষ্য হৈছে পাৰমাণৱিক অস্ত্ৰৰ বিপৰ্যয়জনক মানৱীয় পৰিণতিৰ বিষয়ে বিশ্বজুৰি সজাগতা বৃদ্ধি কৰা।
‘হিবাকুছা’ই জাপানক ভুক্তভোগীসকলৰ বাবে অধিক কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে বিশ্বজুৰি চৰকাৰসমূহক সকলো পাৰমাণৱিক অস্ত্ৰ বিলুপ্ত কৰাৰ বাবে ‘লবীং’ কৰিবলৈ সমবেত হৈছিল। ইয়াৰ পূৰ্বে ১৯৮৫, ১৯৯৪ আৰু ২০১৫ চনতো শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত হৈছিল সংস্থাটো। অহা বছৰ হিৰোছিমা আৰু নাগাছাকিত পাৰমাণৱিক বোমা নিক্ষেপ হোৱাৰ ৮০ বছৰ সম্পূৰ্ণ হ’ব, য’ত আনুমানিক ১ লাখ ২০ হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু বিস্ফোৰণৰ পাছৰ বছৰবোৰত আৰু হাজাৰ হাজাৰ লোকে আঘাতপ্ৰাপ্ত আৰু বিকিৰণৰ সংস্পৰ্শত মৃত্যুবৰণ কৰিছিল।
সাক্ষীৰ বিৱৰণ, ৰাজহুৱা আবেদন আৰু ৰাষ্ট্ৰসংঘলৈ বাৰ্ষিক প্ৰতিনিধি দলৰ জৰিয়তে প্ৰদান কৰা ‘হিবাকুছা’ৰ কাহিনীসমূহে পাৰমাণৱিক নিৰস্ত্ৰকৰণৰ প্ৰচেষ্টাক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।