জো বাইডেনৰ আকস্মিক ঘোষণা; আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ভাৰতীয়মূলৰ মহিলা কমলা হেৰিছক সমৰ্থন

Story by  atv | Posted by  Munni Begum • 1 Months ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ
 
নতুন দিল্লী 
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে দেওবাৰে ঘোষণা কৰিছে যে তেওঁ দেশৰ স্বাৰ্থত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ নহয়। তেওঁ উপ-ৰাষ্ট্ৰপতি ভাৰতীয়মূলৰ মহিলা কমলা হেৰিছক ডেমক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত ব্যক্তি হিচাপে সমৰ্থন কৰে। ডনাল্ড ট্ৰাম্পৰ সৈতে হোৱা শেহতীয়াকৈ এক বিতৰ্কৰ পিছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
ৰাষ্ট্ৰপতি বাইডেনে তেওঁৰ দলক উপ-ৰাষ্ট্ৰপতি হেৰিছক সমৰ্থন কৰিবলৈ আহ্বান জনায়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বাইডেনৰ 'নিস্বাৰ্থ আৰু দেশপ্ৰেমমূলক কাৰ্য্য'ক প্ৰশংসা কৰি কয় যে তেওঁৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰাৰ সলনি নিজৰ দলৰ মনোনয়ন অৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব। 
৮১ বছৰীয়া ৰাষ্ট্ৰপতি বাইডেনে এক্সত এক পোষ্টত কয়, "মই সিদ্ধান্ত লৈছো যে মই পুনৰ ৰাষ্ট্ৰপতিৰ বাবে প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন গ্ৰহণ নকৰো। ইয়াৰ পৰিৱৰ্তে, মই মোৰ বাকী থকা কাৰ্যকাল ৰাষ্ট্ৰপতি হিচাপে মোৰ কৰ্তব্যৰ ওপৰত মোৰ সকলো গুৰুত্ব কেন্দ্ৰীভূত কৰিম। যেতিয়া মই ২০২০ চনত  দলৰ পৰা মনোনীত হৈছিলো, মোৰ প্ৰথম ডাঙৰ সিদ্ধান্ত আছিল কমলা হেৰিছক মোৰ উপ-ৰাষ্ট্ৰপতি হিচাপে বাছনি কৰা। আৰু যিটো মোৰ বাবে সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত আছিল।" 
 
পোষ্টটোত তেওঁ লগতে কয় যে, "আজি মই কমলাক হেৰিছক এই বছৰ আমাৰ দলৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ মোৰ সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াব বিচাৰিছো। ডেম’ক্ৰেটসকলে একত্ৰিত হৈ ট্ৰাম্পক পৰাস্ত কৰাৰ সময় আহি পৰিছে। আহক আমি এই কাম কৰোঁ।"
 
উল্লেখযোগ্য যে, যদি বাইডেনৰ সমৰ্থন মানি লোৱা হয়, তেন্তে কমলা হেৰিছ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী ভাৰতীয়মূলৰ মহিলা হিচাপে পৰিগণিত হ’ব। ইফালে, উপ-ৰাষ্ট্ৰপতি হেৰিছে কয় যে, বাইডেনৰ সমৰ্থন পাই তেওঁ সন্মানিত হৈছে আৰু তেওঁ 'এই মনোনয়ন অৰ্জন আৰু জয়ী' কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব। 
হেৰিছে এক বিবৃতি প্ৰকাশ কৰি বাইডেনৰ সিদ্ধান্তক 'নিস্বাৰ্থ আৰু দেশপ্ৰেমমূলক কাম' বুলি অভিহিত কৰিছে। বাইডেনক তেওঁৰ 'অসাধাৰণ নেতৃত্ব'ৰ বাবেও ধন্যবাদ জনায় আৰু যুক্তি আগবঢ়ায় যে এক কাৰ্যকালৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ উত্তৰাধিকাৰীয়ে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰা বহু মুখ্য কাৰ্যবাহীৰ অভিলেখ অতিক্ৰম কৰিব। 
 
হেৰিছক সমৰ্থন কৰাৰ কিছু মুহূৰ্ত পূৰ্বে বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ নহোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। দেওবাৰে এক্সত প্ৰকাশ কৰা এক বিবৃতিত বাইডেনে কয় যে তেওঁ এতিয়া কেৱল আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিজৰ বাকী কাৰ্যকালৰ কৰ্তব্য পালনতহে গুৰুত্ব দিব। 
 
বাইডেনে কয়, "আপোনালোকৰ ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়োৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান। আৰু যদিও মই পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছিলো, কিন্তু মই ভাবো যে, মই নকৰাটোৱে মোৰ দল আৰু দেশৰ বাবে ভাল হব। ইয়াৰ পৰিৱৰ্তে, মই মোৰ কাৰ্যকাল শেষ নোহোৱালৈকে ৰাষ্ট্ৰপতি হিচাপে মোৰ কাম কৰাৰ ওপৰত গুৰুত্ব দিম।" 
 
ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিতৰ্কত দুৰ্বল প্ৰদৰ্শনৰ পিছত ডেম’ক্ৰেটিক দলৰ সাংসদ আৰু দলৰ বিষয়াসকলৰ হেঁচাত বাইডেনে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আতঁৰি যোৱাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।