আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৌৰত ভাৰতীয় মূলৰ কমলা হেৰিছ

Story by  atv | Posted by  [email protected] • 2 Months ago
কমলা হেৰিছ
কমলা হেৰিছ

ৱাশ্বিংটন

ভাৰতীয় মূলৰ আমেৰিকান উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে প্ৰ-পত্ৰসমূহত স্বাক্ষৰ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীত্ব হিচাপে আনুষ্ঠানিকভাৱে নিজকে প্ৰক্ষেপ কৰিছে।
 
হেৰিছে ছ’চিয়েল মিডিয়া এক্সত কয় যে নৱেম্বৰ মাহত তেওঁৰ দল ডেমোক্ৰেটিক পাৰ্টী জয়ী হ’ব। প্ৰতিটো ভোটৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিব। "আজি মই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব আনুষ্ঠানিকভাৱে ঘোষণা কৰি প্ৰ-পত্ৰত স্বাক্ষৰ কৰিলোঁ। প্ৰতিটো ভোটৰ বাবে মই কঠোৰ পৰিশ্ৰম কৰিম। নৱেম্বৰ মাহত আমাৰ জনচালিত অভিযান জয়ী হ’ব।"-কমলা হেৰিছে নিজৰ পোষ্টত এইদৰে কয়।
 
উল্লেখ্য যে, জো বাইডেনৰ সমৰ্থনৰ পিছত ৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে দেখা যাব।
ইয়াৰ পূৰ্বে শুকুৰবাৰে জো বাইডেনে নিৰ্বাচনী দৌৰৰ পৰা ওলাই অহাৰ পিছত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাজহুৱাভাৱে সমৰ্থন জনায়।
 
নৱেম্বৰ মাহত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত হেৰিছে জয়ী হোৱাটো নিশ্চিত কৰিবলৈ তেওঁ আৰু আমেৰিকাৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচেল ওবামাই সকলো প্ৰচেষ্টা চলাব বুলিও ওবামাই কয়।
 
এক্সৰ এটা পোষ্টত বাৰাক ওবামাই কয়, "এই সপ্তাহৰ আৰম্ভণিতে মিচেল আৰু মই আমাৰ বন্ধু @KamalaHarrisক ফোন কৰিছিলো। আমি তেওঁক কৈছিলো যে তেওঁ আমেৰিকাৰ এগৰাকী সুদক্ষ ৰাষ্ট্ৰপতি হ'ব পাৰিব, আৰু তেওঁৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। নৱেম্বৰ মাহত কমলা হেৰিছক  জয়ী কৰিবলৈ আমি সকলো কৰিবলৈ সাজু আছো।"
 
ইয়াৰ পূৰ্বে বুধবাৰে অভিনেতা তথা ডেম’ক্ৰেটিক দলৰ বিশিষ্ট ধন সংগ্ৰহকাৰী (fundraiser) জৰ্জ ক্লুনীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে হেৰিছক ৰাজহুৱাভাৱে সমৰ্থন জনায়।
 
ইফালে, চলিত সপ্তাহৰ আৰম্ভণিতে অ’ভেল অফিচৰ পৰা দেশবাসীক সম্বোধন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কমলা হেৰিছক ধন্যবাদ জনাই তেওঁক “মহান উপ-ৰাষ্ট্ৰপতি” বুলি অভিহিত কৰিছিল। উল্লেখ্য যে, কমলা হেৰিছ হৈছে আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি।