বাংলাদেশত চৰকাৰী চাকৰিৰ কোটা ব্যৱস্থাক লৈ সৃষ্টি হোৱা প্ৰতিবাদত নিহত ৩৯ জন

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
চৰকাৰী চাকৰিৰ কোটা ব্যৱস্থাক লৈ  প্ৰতিবাদকাৰী ছাত্ৰ, নিৰাপত্তা বিষয়া আৰু চৰকাৰ সমৰ্থক ছাত্ৰকৰ্মীৰ মাজত সৃষ্টি হোৱা ব্যাপক সংঘৰ্ষৰ পিছত বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। দেশখনত সৃষ্টি হোৱা এই হিংসাত্মক সংঘৰ্ষত বৃহস্পতিবাৰে কমেও ৩৯ জন লোকৰ মৃত্যু হৈছে।
 
সমগ্ৰ বাংলাদেশৰ যাতায়ত ব্যৱস্থা বন্ধ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে চেষ্টা চলোৱাৰ সময়তে ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে আৰক্ষী আৰু প্ৰতিবাদকাৰী ছাত্ৰৰ মাজত লাঠি-শিলেৰে সংঘৰ্ষ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰি কৰাৰ ফলত শতাধিক লোক আহত হয়। 
 
বৃহস্পতিবাৰে সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ পিছত শুকুৰবাৰে বাংলাদেশৰ ঢাকা ৰাজপথ নিৰ্জন যেন লাগিছিল। বাংলাদেশৰ টিভি নিউজ চেনেলসমূহে শুকুৰবাৰে কোনো বাতৰি সম্প্ৰচাৰ কৰা নাই বুলি এক সংবাদ সংস্থাত প্ৰকাশ কৰিছে। 
 
শুকুৰবাৰে বাংলাদেশত যোগাযোগ সেৱা ব্যাপকভাৱে বিঘ্নিত হৈছিল, বৃহস্পতিবাৰে কৰ্তৃপক্ষই উত্তেজনা নিয়ন্ত্ৰণ কৰিবলৈ কৰা চেষ্টা চলাই কিছু মোবাইল সেৱা কৰ্তন কৰিছিল। আন এক সংবাদ সংস্থাই প্ৰকাশ কৰা মতে, নিশা হোৱাৰ লগে লগে বাংলাদেশত প্ৰায় সম্পূৰ্ণৰূপে ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰিছিল।  
 
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে বৃহস্পতিবাৰে এটা টিভি ষ্টেচনত জুই লগাই দিছিল। এই ৰাজ্যিক সম্প্ৰচাৰক ভৱনটোত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সংঘৰ্ষ নিয়ন্ত্ৰণ কৰাৰ আহ্বান জনাবলৈ উপস্থিত হোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছিল। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে আৰক্ষী চকী, বাহন আৰু অন্যান্য অট্টালিকাতো আক্ৰমণ কৰে।  শাসকীয় দলৰ কিছুমান বিষয়াকো ছাত্ৰ-ছাত্ৰীসকলে আক্ৰমণ কৰিছে। 
 
১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতা যুদ্ধত যুঁজ দিয়া লোকসকলৰ পৰিয়ালৰ বাবে শ্বেখ হাছিনা চৰকাৰে চৰকাৰী চাকৰিৰ ৩০ শতাংশ আঁতৰাই ৰখা বন্ধ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। উচ্চ নিবনুৱা সমস্যাই ইন্ধন যোগোৱা এই আন্দোলন চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী হাছিনা পুনৰ নিৰ্বাচিত হোৱাৰ পিছত আটাইতকৈ ডাঙৰ আন্দোলন।
 
প্ৰতিবাদকাৰীসকলে দাবী জনাইছে যে, শ্বেখ হাছিনা চৰকাৰে ১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতা যুদ্ধত যুঁজ দিয়া লোকসকলৰ পৰিয়ালৰ বাবে সংৰক্ষণ কৰা ৩০ শতাংশ চৰকাৰী চাকৰিৰ নীতি বন্ধ কৰক। তেওঁলোকে এইটোও দাবী কৰিছে যে, দেশখনত বহু যুৱক-যুৱতীয়ে কাম বিচাৰি সংগ্ৰাম কৰি আছে আৰু এই নীতিয়ে তেওঁলোকৰ চাকৰিৰ সুযোগ সীমিত কৰিছে। প্ৰধানমন্ত্ৰী হাছিনা পুনৰ নিৰ্বাচিত হোৱাৰ পিছত এইটো চৰকাৰৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ প্ৰতিবাদ। 
 
যোৱা মাহৰ শেষৰ ফালে এই প্ৰতিবাদ আৰম্ভ হৈছিল। কিন্তু সোমবাৰে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ কৰ্মীসকলে শাসকীয় আৱামি লীগৰ সমৰ্থনত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। প্ৰতিবাদকাৰীসকলে যুক্তি আগবঢ়ায় যে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া শ্বেখ হাছিনাৰ আৱামি লীগৰ সমৰ্থকসকলৰ লাভৰ বাবে কোটা ব্যৱস্থাৰ কৰা হৈছে। তেওঁলোকে ইয়াক বৈষম্যমূলক ব্যৱস্থা বুলি উল্লেখ কৰিছে আৰু ইয়াৰ ঠাইত মেধাভিত্তিক ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগে। যদিও ২০১৮ চনত বাংলাদেশ চৰকাৰে এই কোটা বাতিল কৰিছিল, পিছত উচ্চ ন্যায়ালয়ে এই কোটা পুনৰ কাৰ্যকৰী কৰে।  
 
২০১৮ চনত চৰকাৰে বাতিল কৰা কোটা পুনৰ প্ৰৱৰ্তনৰ নিৰ্দেশৰ বিৰুদ্ধে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে অহা ৭ আগষ্টত চৰকাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে। ইফালে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শান্তিৰ বাবে আবেদন জনাই ছাত্ৰ-ছাত্ৰীসকলক উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তত নিৰাশ নহ’ব বুলি আশ্বাস প্ৰদান কৰিছে। দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে,  সময়ত ন্যায়িক তদন্ত কৰা হ’ব আৰু দোষীক ন্যায়ৰ ওচৰলৈ অনা হ’ব। 
 
জামাত ইছলামী বাংলাদেশৰ ছাত্ৰ শাখা ছাত্ৰ শিবিৰ আৰু ছাত্ৰ দল নামৰ আন এটা সংগঠনে প্ৰৱেশ কৰাৰ পিছতে এই প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰাৰ অভিযোগ উত্থাপন কৰে শাসকীয় আৱামী লীগে। লীগে এক বিবৃতিত কয় যে আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে। 
 
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সকলো পক্ষৰ সংযমৰ আহ্বান জনাই কৰ্তৃপক্ষক সকলো হিংসাত্মক কাৰ্য্যৰ তদন্ত কৰি দোষীক জবাবদিহি কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে বাংলাদেশত চলি থকা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ সচিব প্ৰধানগৰাকীয়ে যুৱক-যুৱতীসকলৰ অৰ্থপূৰ্ণ আৰু গঠনমূলক অংশগ্ৰহণক উৎসাহিত কৰে। হিংসা কেতিয়াও সমাধান হ’ব নোৱাৰে।