ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বী মহম্মদ আফিফৰ লগতে ১১ জন নিহত

Story by  atv | Posted by  Munni Begum • 6 d ago
হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বী মহম্মদ আফিফ
হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বী মহম্মদ আফিফ
 
টেল আভিভ 
 
লেবাননৰ দক্ষিণৰ টায়াৰ অঞ্চলত ইজৰাইলৰ আক্ৰমণত ১১ জন লোক নিহত হোৱাৰ লগতে বহু সংখ্যক আহত হৈছে৷ লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। একে সময়তে দেওবাৰে হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বী মহম্মদ আফিফৰ মৃত্যুৰ বাতৰিও পোহৰলৈ আহিছে।  
 
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰে যে, টাইৰ জিলাৰ গাঁওসমূহত ইজৰাইলী শত্ৰুৰ আক্ৰমণত এঘাৰজন লোক নিহত হোৱাৰ লগতে ৪৮ জন আহত হৈছে। উক্ত অঞ্চলটো ইৰাণ সমৰ্থিত হিজবুল্লাহৰ দুৰ্গ বুলি বিবেচিত।     
 
টাইম অব ইজৰাইলৰ বাতৰি অনুসৰি, দেওবাৰে লেবাননৰ ৰাজধানী বেইৰুটত ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বী মহম্মদ আফিফ নিহত হয়। 
 
প্ৰতিবেদন অনুসৰি, হিজবুল্লাই মহম্মদ আফিফৰ মৃত্যু নিশ্চিত কৰিছে। মধ্য বেইৰুটৰ ছিৰিয়াৰ বায়াথ পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আইডিএফৰ আক্ৰমণত আফিফ নিহত হয় বুলি জানিব পৰা গৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়েও হিজবুল্লাহৰ সংবাদ মাধ্যমৰ মুৰব্বীক হত্যা কৰাটো নিশ্চিত কৰিছে। 
 
প্ৰতিবেদন অনুসৰি, আফিফে হিজবুল্লাহৰ হৈ কেইবাখনো সংবাদমেল অনুষ্ঠিত কৰিছিল। ইয়াত ইজৰাইলৰ বোমা বিস্ফোৰণৰ বিষয়ে তথ্য দিয়া হৈছিল। আফিফে কেইবাবছৰ ধৰি হিজবুল্লাহৰ আল-মানাৰ টেলিভিছন ষ্টেচন পৰিচালনা কৰিছিল আৰু তাৰ পিছত তেওঁ সশস্ত্ৰ গোটটোৰ শীৰ্ষ সংবাদ মাধ্যমৰ সম্পৰ্ক বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।   
 
প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ আফিফে সাংবাদিকৰ আগত দিয়া এক বিবৃতিত উল্লেখ কৰে যে ইজৰাইলৰ বিৰুদ্ধে যুঁজিবলৈ হিজবুল্লাহৰ হাতত যথেষ্ট অস্ত্ৰ-শস্ত্ৰ আছে। ইজৰাইলে হিজবুল্লাহৰ নেতৃত্বক নিৰ্মূল কৰিবলৈ অহৰহ আক্ৰমণ চলাই আছে। এই ক্ষেত্ৰত ইয়াক এক ডাঙৰ কৃতিত্ব হিচাপে দেখা গৈছে।  
 
ইয়াৰ পূৰ্বে লেবাননস্থিত গোটটোৱে হাশ্বেম ছাফিদীনক নিজৰ মুৰব্বী হিচাপে ঘোষণা কৰাৰ পিছত ইজৰাইলে হিজবুল্লাহ নেতা হাছান নাছৰল্লাক হত্যা কৰিছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ঘৰত ফ্লেয়াৰ নিক্ষেপ কৰাৰ অপৰাধত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ হৈছে। শনিবাৰে নিশা চিজাৰিয়াত থকা নেতানিয়াহুৰ ব্যক্তিগত ঘৰত দুটা ফ্লেয়াৰ নিক্ষেপ কৰি ঘৰৰ চোতালত পৰি যায়। 
 
অৱশ্যে এই ঘটনাৰ সময়ত নেতানিয়াহু আৰু তেওঁৰ পৰিয়াল ঘৰত নাছিল। চলিত বৰ্ষৰ অক্টোবৰৰ আৰম্ভণিতে নেতানিয়াহুৰ ব্যক্তিগত বাসগৃহত হিজবুল্লাহৰ ড্ৰ’নে আক্ৰমণ কৰিছিল। ইজৰাইলৰ সংবাদ মাধ্যমত প্ৰকাশিত ফটোত দেখা গৈছে যে ড্ৰ’নখন আক্ৰমণ কৰা শোৱা কোঠাৰ খিৰিকীৰ কিছু অংশত ফাঁট মেলিছে। কিন্তু ভিতৰলৈ সোমাব নোৱাৰিলে। খিৰিকীখন সম্ভৱতঃ কঠিন কাঁচৰ আৰু ইয়াত অন্যান্য নিৰাপত্তা ব্যৱস্থা আছে বুলি ধাৰণা কৰা হৈছে।