বানপানী আৰু ভূমিস্খলন ৰোধ কৰিব নোৱাৰাৰ বাবেই ৩০ জনকৈ বিষয়াক মৃত্যুদণ্ড কিম জং উনৰ

Story by  atv | Posted by  Munni Begum • 12 d ago
কিম জং উন
কিম জং উন
 
পিয়ংয়াং
 
দক্ষিণ কোৰিয়াৰ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে বিধ্বংসী বানপানী আৰু ভূমিস্খলন ৰোধ কৰিব নোৱাৰাৰ বাবেই ৩০ জনকৈ বিষয়াক মৃত্যুদণ্ড দিয়াৰ নিৰ্দেশ দিছিল। বিষয়াসকলৰ বিৰুদ্ধে দুৰ্নীতি আৰু কৰ্তব্য অৱহেলাৰ অভিযোগো উত্থাপন কৰা হৈছিল। যোৱা মাহৰ শেষৰ ফালে তেওঁলোকক মৃত্যুদণ্ড দিয়া বুলি জানিব পৰা গৈছে।  
 
জানিব পৰা মতে, এই দুৰ্যোগৰ ফলত প্ৰায় ১০০০ লোকৰ মৃত্যু হৈছে। দক্ষিণ কোৰিয়াৰ চোছুন টিভিৰ এক প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াৰ এজন বিষয়াৰ উদ্ধৃতি দি কিম জং উনে শেহতীয়াকৈ বানপানীৰ ফলত হোৱা 'অগ্ৰাহ্যযোগ্য ক্ষতি'ৰ বাবে দায়ী বুলি গণ্য কৰা লোকসকলক ''কঠোৰ শাস্তি'' প্ৰদান কৰিবলৈ আহ্বান জনাইছে। 
 
এগৰাকী বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে, যোৱা মাহৰ শেষৰ ফালে বানপীড়িত অঞ্চলটোৰ ২০ৰ পৰা ৩০জন বিষয়াক একে সময়তে ফাঁচী দিয়া হৈছে বুলি নিৰ্ণয় কৰা হৈছে। যদিও ফাঁচী দিয়া বিষয়াসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই, উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ২০১৯ চনৰ পৰা চাগাং প্ৰভিন্স প্ৰভিন্সিয়েল পাৰ্টি কমিটীৰ সচিব কাং বং-হুনক কিম জং উনে পদৰ পৰা অপসাৰণ কৰা নেতাসকলৰ ভিতৰত অন্যতম।
 
জুলাই মাহত উত্তৰ কোৰিয়াত প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন আৰু বানপানীৰ সৃষ্টি হৈছিল, যাৰ ফলত ৪ হাজাৰৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু ১৫ হাজাৰ বাসিন্দা স্থানচ্যুত হৈছিল। কিম জং উনে নিজেই ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কয় যে, বানপানীয়ে সম্পূৰ্ণৰূপে প্লাৱিত হোৱা চুবুৰীসমূহ পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰ কৰিবলৈ কেইবামাহো লাগিব। সেয়ে চৰকাৰে মাতৃ, শিশু, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম সৈনিক আদি দুৰ্বল গোটকে ধৰি ১৫,৪০০ লোকৰ বাবে পিয়ংইয়াঙত আশ্ৰয় প্ৰদান কৰে। 
 
অৱশ্যে উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হোৱাৰ খবৰ অস্বীকাৰ কৰি এই দাবীক “মিছা উৰাবাতৰি” বুলি উল্লেখ কৰিছে। আন্তঃৰাষ্ট্ৰীয় কোৰিয়া উপদ্বীপ মঞ্চত উত্তৰ কোৰিয়াৰ প্ৰাক্তন কূটনীতিবিদ লি ইল-গিউৱে মন্তব্য কৰে যে, “যদিও শেহতীয়াকৈ বানপানীৰ ক্ষতি হৈছে, তথাপিও তেওঁলোকক সামাজিক সুৰক্ষাৰ কাৰণে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল, আৰু কাৰ্যবাহীসকল নিজেই ইমানেই উদ্বিগ্ন যে, তেওঁলোকে নাজানে কেতিয়া তেওঁলোকৰ মৃত্যুদণ্ড বিহা হয়।"
 
কোৰিয়া টাইমছৰ তথ্য অনুসৰি ক’ভিড-১৯ মহামাৰীৰ পাছত উত্তৰ কোৰিয়াৰ ৰাজহুৱা মৃত্যুদণ্ডৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। মহামাৰীৰ পূৰ্বে দেশত সাধাৰণতে বছৰি প্ৰায় ১০ জনক ৰাজহুৱাকৈ মৃত্যুদণ্ড বিহা হৈছিল। কিন্তু সেই সংখ্যা আকাশলংঘী হৈ প্ৰায় ১০০টা বাৰ্ষিক ৰাজহুৱা মৃত্যুদণ্ডলৈ বৃদ্ধি পাইছে।