গুৱাহাটী
ভাৰত আৰু বাংলাদেশৰ মাজৰ ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ১৭৪.৫১ কিলোমিটাৰ আজিও উন্মুক্ত হৈ আছে। এইছোৱা সীমান্তত কাঁটা তাঁৰৰ বেৰ দিয়া কাম সম্পন্ন কৰিব পৰা হোৱা নাই বাংলাদেশৰ সুৰক্ষা বাহিনীৰ আপত্তিৰ পৰিপ্ৰেক্ষিতত। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে সংসদত এই কথা কালি সদৰী কৰে।
সীমান্তৰ ৭৯ শতাংশ কাঁটা তাঁৰৰ বেৰাৰে সুৰক্ষিত কৰা হ'ল যদিও উক্ত এলেকা কাঁটা তাঁৰেৰে সুৰক্ষিত কৰিবলৈ যাৱতীয় প্রচেষ্টা চলাই থকা হৈছে। বাংলাদেশৰ ব'ৰ্ডাৰ গাৰ্ডৰ সৈতে ভাৰতৰ বি এছ এফে উচ্চ পর্যায়ত আলোচনা অব্যাহত ৰাখিছে। সুৰক্ষা বাহিনীৰ উচ্চস্তৰীয় এই সম্পর্কীয় এখন বৈঠক চলিত মাহৰ শেষৰ ফালে নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ প্রস্তুতি চলোৱা বুলিও কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰীগৰাকীয়ে লোকসভাত সদৰী কৰিছে।
উল্লেখ্য যে শেখ হাছিনা চৰকাৰৰ পতন হোৱাৰ পিচত ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমান্তকে ধৰি ভিন ভিন বিষয়ত কিছু জটিলতাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এই বিধি-পথালিসমূহ দূৰ কৰিবলৈ দুয়ো দেশৰ সুৰক্ষা বাহিনীয়ে কেইবালানিও আলোচনাত মিলিত হৈছে। লোকসভাত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ আৰু চোৰাং কাৰবাৰসহ বিভিন্ন অপৰাধমূলক কাৰ্য প্ৰতিৰোধ কৰিবলৈ সীমান্তত চেন্সৰ লগোৱাৰ উপৰি চি চি কেমেৰা আৰু ফ্লাড লাইটৰ দৰে ব্যৱস্থাসমূহ নিশ্চিত কৰা হৈছে।
দুয়োখন দেশৰ সীমান্তৰ ৮৬৫ কিলোমিটাৰ এলেকাত কাঁটা তাঁৰৰ বেৰা দিয়াত বাংলাদেশে বিভিন্ন সময়ত বিধি-পথালি দি অহাত গোটেই প্রক্ৰিয়াটোত স্থবিৰতাৰ সৃষ্টি হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।