নতুন দিল্লী
লছ এঞ্জেলছত সংঘটিত ভয়ংকৰ বনজুইৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি হোৱাৰ লগতে ১৬ জন লোক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। বিষয়াসকলে জনোৱা মতে, এতিয়ালৈকে বনজুইত ১২ হাজাৰৰো অধিক আন্তঃগাঁথনি ধ্বংস হৈছে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ঘণ্টাত ৮০ কিলোমিটাৰ বেগেৰে বলা বতাহ আৰু ঘণ্টাত ১১৩ কিলোমিটাৰ পৰ্যন্ত পাহাৰীয় ধুমুহাৰ বাবে বনজুইয়ে ক্ৰমান্বয়ে সংহাৰি ৰূপ ধাৰন কৰিছে, যাৰ ফলত সতৰ্কবাণী জাৰি কৰা হৈছে।
বতৰ সেৱাৰ বতৰ বিজ্ঞানীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি এই অগ্নিকাণ্ডৰ বাবে আটাইতকৈ বিপজ্জনক দিন হ’ব মঙলবাৰ। কানাডা আৰু মেক্সিকোৰ দলৰ লগতে আমেৰিকাৰ ৭খন ৰাজ্যৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰা প্ৰচেষ্টাত যোগদান কৰিছে।
কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে কয় যে, এইটো আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ হ’ব পাৰে, যিয়ে হাজাৰ হাজাৰ ঘৰ ধ্বংস কৰাৰ লগতে এক লাখৰো অধিক লোকক স্থানন্তৰ কৰিবলগীয়া হৈছে।
লছ এঞ্জেলছ কাউন্টিত ১.৫ লাখৰো অধিক লোকক স্থানন্তৰ কৰাৰ নিৰ্দেশৰ অধীনত আছে, ৭০০ৰো অধিক বাসিন্দাই ৯টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে।