৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় আফগানিস্তান

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
ভাৰতৰ চুবুৰীয়া দেশ আফগানিস্তানত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ ভূমিকম্প। বুধবাৰে পুৱা প্ৰায় ৪.৪৩ বজাত দেশখনক ভূমিকম্পই জোকাৰি যায় বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৯ বুলি জানিব পৰা গৈছে। 
 
এন চি এছৰ তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ৭৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো জন-ধনৰ ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।
 
ইফালে আফগানিস্তানত হোৱা ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে। তেওঁলোকৰ মতে, আফগানিস্তান ঋতুভিত্তিক বানপানী, ভূমিস্খলন আৰু ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে অতি সংবেদনশীল অঞ্চল। ইয়াত সঘনাই হোৱা ভূমিকম্পই দুৰ্বল জনগোষ্ঠীৰ ক্ষতিসাধন কৰে। 
 
এই স্পৰ্শকাতৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্ৰছেও। দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে পৰিচিত আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰেড ক্ৰছৰ মতে, ইয়াৰ পূৰ্বেও আফগানিস্তানত কেইবাবাৰো শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে। হিন্দুকুশ পৰ্বতমালা ভূতাত্ত্বিকভাৱে সক্ৰিয় অঞ্চল। ইয়াৰ বাবে প্ৰতি বছৰে ইয়াত বহুতো ভূমিকম্পৰ সংঘটিত হয়।


শেহতীয়া খবৰ