নতুন দিল্লী
কোনো এখন নির্দিষ্ট দেশক লক্ষ্য কৰাৰ পৰিবর্তে আমেৰিকাৰ ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে এইবাৰ পাৰস্পৰিক শুল্কৰ জৰিয়তে ভাৰতসহ কেইবাখনো ৰাষ্ট্ৰক চেপাত পেলাবলৈ সিদ্ধান্ত লৈছে। চলিত বছৰৰ এপ্ৰিলৰ পৰাই এই নতুন পাৰস্পৰিক শুল্ক ব্যবস্থা প্ৰৱৰ্তন কৰিব ট্রাম্প চৰকাৰে।
ইয়াৰ ফলত ভাৰতৰ বপ্তানি বাণিজ্য ভীষণভাবে ক্ষতিব সম্মুখীন হ'ব। সমীক্ষক সংস্থা চি টি বিছাৰ্চৰ এক প্রতিবেদন অনুসৰি ট্রাম্পৰ পাৰস্পৰিক শুদ্ধব হেঁচাত ভাবতে বছবি ৬,৮০৭ লাখ কোটি টকাৰ লোকচানৰ সম্মুখীন হ'ব। সর্বাধিক ক্ষতি হ'ব ভাৰতৰ গাড়ী নির্মাণ কোম্পানী আৰু কৃষি খণ্ড।
শুল্ক কিদৰে আদায় কৰা হ'ব তাক লৈ মার্কিন মহলে ইতিমধ্যে হিচাপ-নিকাচ আৰম্ভ কৰিছে। তাব পূর্বানুমান কবি ভাবতেও সাজু হৈছে পববর্তী পদক্ষেপৰ বাবে। আমেৰিকাৰ নতুন শুল্ক নীতিব ফলত ৰাসায়নিক, ধাতুৰে তৈয়াৰী সামগ্রী, ঔষধ, অলংকাৰ আৰু গাড়ী নির্মাণ উদ্যোগ সর্বাধিক ক্ষতিৰ সম্মুখীন হ'ব। যোৱা বছৰ আমেৰিকালৈ ৭,৪০০ কোটি ডলাৰৰ পণ্য ৰপ্তানি কৰিছিল ভাবতে।
ইয়াৰ ভিতৰত ৮৫০ কোটি ডলাৰ মূল্যব মুকুতা আৰু অন্য ৰত্নৰ অলংকাৰ আছিল অন্যতম। যোৱা বছৰ ভাৰতে ৮০০ কোটি ডলাৰৰ ঔষধ আৰু ৪০০ কোটি ডলাৰৰ পেট্র' পণ্য বপ্তানি কৰিছিল। কিন্তু পাৰস্পৰিক শুল্ক আৰোপৰ ফলত ভাবতত উৎপাদিত সামগ্রীসমূহ লোকচানৰ গৰাহত পৰাটো অনিবার্য বুলিও চি টি বিছাৰ্চৰ প্রতিবেদনত দাবী কৰা হৈছে।