১৫ বছৰৰ পাছত ক্ৰেনমুক্ত হ'ল মক্কাৰ হাৰাম শ্বৰীফ

Story by  atv | Posted by  Munni Begum • 2 d ago
মক্কাৰ হাৰাম শ্বৰীফ
মক্কাৰ হাৰাম শ্বৰীফ
 
ৰিয়াধ 
 
প্ৰায় ১৫ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ছৌদি আৰৱৰ মক্কাৰ হাৰাম শ্বৰীফ (গ্ৰেণ্ড মছজিদ)ৰ আকাশখন নিৰ্মাণ ক্ৰেনৰ পৰা মুক্ত কৰা হৈছে, যিয়ে দেশখনৰ ইতিহাসৰ আটাইতকৈ বৃহৎ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ আগলি বতৰা দিছে।  
 
হজযাত্ৰাৰ এক মসৃণ অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে ২০১০ চনৰ জুন মাহত ছৌদিৰ তৃতীয়টো সম্প্ৰসাৰণ আৰম্ভ কৰা হৈছিল। যিয়ে দেশখনলৈ আগমন ঘটা লাখ লাখ উপাসকক মছজিদত ৰখাৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছে।   
 
নিৰ্মাণ ক্ৰেনেৰে নিৰ্মাণ কাৰ্য চলাই থকা এক দৃশ্য
 
নিৰ্মাণ ক্ৰেনবোৰ আঁতৰোৱাটোৱে এটা গুৰুত্বপূৰ্ণ নিৰ্মাণ পৰ্যায়ৰ অন্ত পৰাৰ সংকেত দিয়ে, য’ত ৯৫ শতাংশতকৈ অধিক সম্প্ৰসাৰণ সম্পূৰ্ণ কৰা হৈছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে মছজিদটোৰ ক্ষমতা ৬ লাখ ৭০ হাজাৰৰ পৰা ১২.৮ লাখতকৈ অধিক উপাসকলৈ বৃদ্ধি কৰি উন্নত সুবিধা আৰু আন্তঃগাঁথনি প্ৰদান কৰা। 
 
ৰাষ্ট্ৰীয় হজ আৰু উমৰা সমিতিৰ উপদেষ্টা সাদ আল-কুৰাশ্বীয়ে আৰবী দৈনিক আশ্বাৰক আল-আউছাটক কয় যে, নিৰ্মাণ ক্ৰেনসমূহ আঁতৰাই দিলে দৰ্শনাৰ্থীৰ প্ৰবাহ উন্নত হ’ব। তেওঁ লগতে উল্লেখ কৰে যে, নতুন সম্প্ৰসাৰণে অৱশেষত ২০ লাখৰো অধিক উপাসকক ৰখাৰ বাবে ঠাই দিব পাৰিব, যাৰ ফলত তীৰ্থযাত্ৰীসকলে নিজৰ অনুষ্ঠান সম্পাদন কৰাত সহজ হ’ব।   
 
১৫.৬৪ মিলিয়ন বৰ্গমিটাৰ বিস্তৃত এই সম্প্ৰসাৰণত নামাজ পঢ়া হল, দলং আৰু প্লাজা আছে। শৌচাগাৰৰ সংখ্যা ৩,৫১৫ৰ পৰা ১৬,৭২৬লৈ বৃদ্ধি কৰা হৈছে আৰু শীতল ব্যৱস্থাৰ বাবে এতিয়া ১ লাখ ৯৯ হাজাৰ টন ফ্ৰীজ প্ৰদান কৰা হৈছে, যাৰ ফলত ৰমজান আৰু হজৰ দৰে শীৰ্ষ বতৰত আৰামেৰে অতিবাহিত হব।  
 
স্থাপত্যৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে জটিল ইছলামিক ডিজাইন, চলনশীল গম্বুজ আৰু ২,৭০০ বৰ্গমিটাৰ বিস্তৃত কোৰাণৰ শিলালিপি। পৰম্পৰাগত নান্দনিকতাৰ সৈতে আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণে আধ্যাত্মিক পৰিৱেশ বৃদ্ধি কৰিছে। 
 
মক্কাৰ হাৰাম শ্বৰীফৰ নিশাৰ এক দৃ্শ্য
 
অৱশেষত ক্ৰেনবোৰ আঁতৰোৱাৰ লগে লগে হাৰাম শ্বৰীফে অধিক আৰামদায়ক আৰু সুশৃংখলিত পৰিৱেশত সমগ্ৰ বিশ্বৰ পৰা আল্লাহৰ ঘৰলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধিৰ সৈতে সংগতি ৰাখি আগন্তুক হজ আৰু উমৰাহ বতৰত লাখ লাখ দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে।