১২ জন মন্ত্ৰীৰ পদত্যাগ; সামৰিক আইন জাপি বিপদত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি

Story by  atv | Posted by  [email protected] • 12 h ago
সামৰিক আইন জাপি বিপদত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি
সামৰিক আইন জাপি বিপদত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি
 
নতুন দিল্লী
 
দক্ষিণ কোৰিয়াত ৰাজনৈতিক অস্থিৰতা দেখা গৈছে। সামৰিক আইন জাপি দিয়াৰ ঘোষণা আৰু তাৰ পিছত সিদ্ধান্ত বাতিল কৰাৰ পিছত কেৱল বিৰোধীৰ সন্মুখীন হোৱাই নহয় জনসাধাৰণৰো ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে দেশখনৰ ৰাষ্ট্ৰপতি। এনে পৰিস্থিতিত কেৱল বিৰোধীয়েই নহয় তেওঁৰ মন্ত্ৰীসভাৰ বহু সদস্যই বিদ্ৰোহী সুৰ লৈছে । বহুতে পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধেও ওলমি আছে মহাঅভিযোগৰ তৰোৱাল।
 
দক্ষিণ কোৰিয়াৰ সংবাদ সংস্থা য়নহাপে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ মুখ্য কৰ্মচাৰীকে ধৰি কেইবাজনো শীৰ্ষ সহায়কে পদত্যাগ কৰিছে। কোৱা হৈছে যে ১২ গৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগ দাখিল কৰিছে। আন বহু শীৰ্ষ নেতাইয়ো পদত্যাগ কৰাৰ প্ৰস্তাৱ দিছে।
 
কেৱল বিৰোধীয়েই নহয় মন্ত্ৰীসভাৰ বহু নেতাই সামৰিক আইনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেওঁৰ দল পিপল পাৱাৰ পাৰ্টিৰ জ্যেষ্ঠ নেতা হান ডং হুনে মূল বিৰোধী নেতা লি জে-ম্যুঙৰ সৈতে হাত মিলাই এই সিদ্ধান্তক ভুল বুলি অভিহিত কৰিছে।
 
ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰাৰ দাবীত ৰাজপথত ৰেলী উলিওৱা হৈছে। তেওঁৰ বিৰুদ্ধে দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে।
 
ৰাষ্ট্ৰপতিৰ ঘোষণা আৰু তাৰ পিছত সেই সিদ্ধান্ত বাতিলে তেওঁলৈ বিপদ কঢ়িয়াই অনা যেন পৰিলক্ষি হৈছে। কোৱা হৈছে যে সংসদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰা হ’ব পাৰে। ৰাষ্ট্ৰীয় সংসদৰ দুই তৃতীয়াংশতকৈ অধিক সাংসদে যদি ইয়াৰ সপক্ষে ভোট দিয়ে, তেন্তে তেওঁৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰিব পৰা যাব। উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ পিপল পাৱাৰ পাৰ্টিৰ ৰাষ্ট্ৰীয় বিধানসভাত ৩০০ জন সাংসদৰ ভিতৰত ১০৮ জন সাংসদ আছে।
 
দক্ষিণ কোৰিয়াৰ বিৰোধী দলে ৰাষ্ট্ৰপতি য়ুক চৰম সীমা দিছে যে যদি তেওঁ শীঘ্ৰেই ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ নকৰে তেন্তে তেওঁৰ বিৰুদ্ধে মহাভিযোগ দাখিল কৰা হ’ব।
 
ৰাষ্ট্ৰীয় সংসদৰ দুই তৃতীয়াংশতকৈ অধিক সাংসদে যদি ইয়াৰ সপক্ষে ভোট দিয়ে, তেন্তে তেওঁৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰিব পৰা যাব। মহাঅভিযোগ দাখিলৰ প্ৰস্তাৱ সাংবিধানিক আদালতত দাখিল কৰা হ’ব। যদিহে ৯ জন ন্যায়াধীশৰ ভিতৰত কমেও ৬জনে অনুমোদন দিয়ে, তেন্তে পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। এই সময়ছোৱাত চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতা ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে অন্তৱৰ্তীকালীন নেতা হিচাপে কাম চোৱাচিতা কৰিব। মহাঅভিযোগ দাখিলৰ ৬০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।
 
ইফালে বৰ্তমান দক্ষিণ কোৰিয়াত প্ৰায় ৩০ হাজাৰ আমেৰিকান সৈনিক নিয়োজিত হৈ আছে। এনে পৰিস্থিতিত আমেৰিকাই কয় যে আমি এই সমগ্ৰ ঘটনাটোৰ ওপৰত চকু ৰাখিছো। আমি কোনো কাৰণতে সামৰিক আইন সমৰ্থন নকৰো।