মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব

Story by  atv | Posted by  [email protected] • 3 d ago
মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ প্ৰস্তুতি আৰম্ভ
মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ প্ৰস্তুতি আৰম্ভ
 
নতুন দিল্লী

২০০৮ চনত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত বুলি অভিযুক্ত তাহাউৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ সাজু হৈছে। ভাৰতৰ বাবে এয়া এক বৃহৎ কূটনৈতিক বিজয় হিচাপে চিহ্নিত হৈছে। পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক ৰাণাক ২০০৯ চনত চিকাগোত এফ বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল।
 
২০২৪ চনৰ আগষ্ট মাহত নৱম চাৰ্কিটৰ বাবে আমেৰিকাৰ আপীল আদালতে (US Court of Appeals) ৰায় দিছিল যে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা সন্ধিৰ অধীনত ৰাণাক প্ৰত্যাৰ্পণ কৰিব পৰা যাব। ৰাণাৰ প্ৰত্যাৰ্পণযোগ্যতাৰ প্ৰমাণপত্ৰক প্ৰত্যাহ্বান জনোৱা ৰাণাৰ আবেদন নাকচ কৰাৰ পিছতে আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে।
 
২৬/১১ৰ আক্ৰমণত জড়িত থকাৰ বাবে ভাৰতে ৰাণাক প্ৰত্যাৰ্পণৰ বাবে বিচাৰিছে। ৰাণাই নিম্ন আদালত আৰু কেইবাখনো ফেডাৰেল আদালতত আইনী যুঁজত পৰাস্ত হোৱাৰ পিছত ছান ফ্ৰান্সিস্কোৰ নৰ্থ চাৰ্কিটৰ বাবে আমেৰিকাৰ আপিল আদালতৰ সৈতে যোগাযোগ কৰিছিল। ৰাণাৰ বিৰুদ্ধে ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু পাকিস্তানী-আমেৰিকান লস্কৰ-ই-তৈবা (লেটি) সন্ত্ৰাসবাদী ডেভিদ ক’লমেন হেডলীক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে, যিয়ে আক্ৰমণ সংঘটিত হোৱাৰ পূৰ্বে মুম্বাইৰ স্থানসমূহৰ সমীক্ষা চলাইছিল।
 
২৩ ছেপ্টেম্বৰত আমেৰিকাৰ চাৰ্কিট ক'ৰ্টে তেওঁক ভাৰতত প্ৰত্যাৰ্পণৰ বাবে বিদেশ বিভাগে লোৱা পদক্ষেপক অনুমোদন জনোৱা আন আদালতৰ সিদ্ধান্তত স্থগিতাদেশ দিবলৈ তেওঁৰ আবেদনখন নাকচ কৰিছিল। ভাৰতে ২৬/১১ৰ আক্ৰমণত ৰাণা জড়িত থকাৰ শক্তিশালী প্ৰমাণ আমেৰিকাৰ আদালতত দাখিল কৰে। শেষত আদালতে স্বীকাৰ কৰে যে ভাৰতত ৰাণাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বেলেগ আৰু সেয়েহে কোনো ব্যক্তিৰ বিৰুদ্ধে কোনো গোচৰত দুবাৰকৈ বিচাৰ নকৰাৰ নিয়ম প্ৰযোজ্য নহ’ব।