নতুন দিল্লী
বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ বিৰুদ্ধে চলি থকা অত্যাচাৰৰ ঘটনা আতংকজনকভাৱে বৃদ্ধি পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলিম ৰাষ্ট্ৰীয় মঞ্চই (এম আৰ এম)। প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও এই আন্দোলনৰ লক্ষ্য হৈছে সংখ্যালঘুসকলৰ ন্যায় আৰু সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সজাগতা আৰু হেঁচা গঢ়ি তোলা।
এম আৰ এম-এ দৃঢ়তাৰে কয় যে এই অভিযান কেৱল প্ৰতিবাদৰ বিষয় নহয়, বৰঞ্চ বাংলাদেশৰ সাম্প্ৰদায়িক হিংসাৰ বলি হোৱা লোকসকলৰ প্ৰতি আৰু মানৱতাৰ বাবে ন্যায় প্ৰদানৰ বিষয়। এম আৰ এম-এ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত এখন স্মাৰক পত্ৰ দাখিল কৰিছে, যিখন বাংলাদেশ উচ্চায়ুক্ত আৰু দেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ প্ৰেৰণ কৰা হৈছে।
স্মাৰক পত্ৰখনত সংখ্যালঘুৰ ওপৰত চলি থকা হিংসাত্মক ঘটনা শীঘ্ৰে বন্ধ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা হৈছে। ইয়াত আৰু সতৰ্ক কৰি দিয়া হৈছে যে হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ দুৰ্দশাৰ প্ৰতি অবিৰত উদাসীনতাৰ বিশ্বব্যাপী প্ৰতিক্ৰিয়া হ’ব।
যদিহে বাংলাদেশ চৰকাৰে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, তেন্তে মুছলিম ৰাষ্ট্ৰীয় মঞ্চই এই বিষয়টো বিশ্বব্যাপী মঞ্চত উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) সংযুক্ত প্ৰতিষ্ঠান এম আৰ এমৰ এগৰাকী মুখপাত্ৰই কয় যে ই ৰাষ্ট্ৰসংঘৰ কাষ চাপিব, বিশ্ব মানৱ অধিকাৰ সংস্থাসমূহৰ সৈতে জড়িত হ’ব; আৰু বিশ্বজুৰি কূটনীতিবিদসকলৰ কাষ চাপিব।
এম আৰ এমৰ মুখপাত্ৰই কয় যে মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে পোষকতা কৰাটো সীমা অতিক্ৰম কৰা এক নৈতিক বাধ্যবাধকতা। দিল্লীৰ যন্তৰ মন্তৰত এম আৰ এম কৰ্মীসকলে প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰে আৰু অতি সোনকালে বাংলাদেশৰ পৰিস্থিতিক লৈ আন চহৰতো একেধৰণৰ সভা অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰে। এই প্ৰতিবাদত যোগদান কৰে জ্যেষ্ঠ নেতা, ৰাষ্ট্ৰীয় আহ্বায়ক, সহ-আহ্বায়ক, মহিলা আৰু যুৱ শাখা, আৰু এম আৰ এমৰ ৰাজ্যিক নেতাসকলে।
এম আৰ এম কৰ্মীসকলে বাংলাদেশৰ সংখ্যালঘুসকলৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁলোকৰ বাবে ন্যায়ৰ দাবী জনায়। এম আৰ এমৰ ৰাষ্ট্ৰীয় আহ্বায়ক শ্বাহিদ ছায়েদে কয়, "এই আন্দোলন কেৱল প্ৰতিবাদ নহয় বৰঞ্চ মানৱতা আৰু ন্যায়ৰ আহ্বান। বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ হৈ কথা কোৱাটো আমাৰ সামূহিক নৈতিক কৰ্তব্য। আধুনিক সমাজত ধৰ্মীয় নিৰ্যাতনৰ কোনো স্থান নাই।”
ইফালে, ৰাষ্ট্ৰীয় আহ্বায়ক ড০ শালিনী আলীয়ে কয়, ‘নাৰী আৰু শিশুৰ ওপৰত বৃদ্ধি পোৱা হিংসা গ্ৰহণযোগ্য নহয়। এই আন্দোলনে ন্যায় আৰু মানৱ অধিকাৰ সুৰক্ষাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।”
ৰাষ্ট্ৰীয় আহ্বায়ক চৈয়দ ৰাজা হুছেইন ৰিজভিয়ে কয়, ‘এয়া মানৱতাৰ যুঁজ। আমি সকলো ধৰণৰ অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে থিয় দিছো, আৰু এই আন্দোলনে আমাৰ সংকল্পক প্ৰদৰ্শন কৰে।” একেদৰে, আন এগৰাকী ৰাষ্ট্ৰীয় আহ্বায়ক গিৰীশ জুৱেলে কয়, ‘এখন শান্তিপূৰ্ণ সমাজৰ বাবে মানৱ অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰচেষ্টা সমগ্ৰ দক্ষিণ এছিয়াতে সত্য আৰু ন্যায়ৰ পোহৰ হিচাপে প্ৰতিধ্বনিত হ’ব।”
পশ্চিম পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ যুদ্ধত মুক্তি বাহিনীৰ সহায়ত ভাৰতীয় সেনা বাহিনীয়ে জয়লাভ কৰাৰ দিন ১৬ ডিচেম্বৰলৈকে মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব।