ৱাশ্বিংটন
আমেৰিকাৰ এজন আগশাৰীৰ ভূতত্ত্ববিদৰ মতে, শুকুৰবাৰে ম্যানমাৰত সংঘটিত হোৱা ৭.৭ ৰিখটাৰ স্কেলৰ ভয়ংকৰ ভূমিকম্পটোৰ শক্তি ৩০০ৰো অধিক পাৰমাণৱিক বোমাতকৈ বেছি আছিল। ভূতত্ত্ববিদ জেছ ফিনিক্সে কয় যে এই ধৰণৰ ভূমিকম্পই যি শক্তি নিঃসৰণ কৰে সেয়া হৈছে প্ৰায় ৩৩৪টা পাৰমাণৱিক বোমাৰ সমান।
লগতে তেওঁ সতৰ্ক কৰি দিয়ে যে ভূমিকম্পৰ ফলত হোৱা আফটাৰশ্বক প্ৰায় এমাহ ধৰি চলি থাকিব পাৰে। কাৰণ ভাৰতীয় টেকটনিক প্লেটে ম্যানমাৰৰ তলৰ ইউৰেছিয়ান প্লেটৰ সৈতে সংঘৰ্ষ অব্যাহত ৰাখিছে। উল্লেখ্য যে, ভূমিকম্পটোৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০০ অতিক্ৰম কৰিছে।
ফিনিক্সে আৰু কয় যে এই বিপৰ্যয়ৰ সম্পূৰ্ণ পৰিসৰ বুজিবলৈ এক বাধা আহিব পাৰে। ম্যানমাৰৰ চলি থকা গৃহযুদ্ধ আৰু কমিউনিকেচন ব্লেকআউটে ভূমিকম্পৰ সম্পূৰ্ণ প্ৰভাৱ ধৰা পেলাবলৈ বাহিৰৰ জগতখনক বাধা দিছে।
উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এছিয়াৰ ৰাষ্ট্ৰখনৰ অসামৰিক চৰকাৰখনক উৎখাত কৰি সামৰিক জান্টাই শাসন কৰে। জান্টাৰ শীৰ্ষ নেতাই এই বিপৰ্যয়ৰ সময়ত সকলো দেশৰ পৰা সহায় বিচাৰি আবেদন কৰিছে। এই ক্ষেত্ৰত ভাৰত আগবাঢ়ি আহিছে। ভাৰতে কম্বল, টাৰ্পলিন, হাইজিন কিট, শোৱা বেগ, সৌৰ লেম্প, খাদ্যৰ পেকেট, আৰু কিচ্চেন চেট আদি অত্যাৱশ্যকীয় সামগ্ৰী ম্যানমাৰলৈ প্ৰেৰণ কৰিছে, আৰু এটা চিকিৎসা ইউনিটৰ সৈতে অনুসন্ধানকাৰী আৰু উদ্ধাৰকাৰী দল চুবুৰীয়া দেশখনলৈ প্ৰেৰণ কৰিছে। ম্যানমাৰৰ বাবে ভাৰতৰ চিকিৎসা সাহায্য অভিযানৰ নাম দিয়া হৈছে "অপাৰেচন ব্ৰহ্ম"।
থাইলেণ্ডকে ধৰি ম্যানমাৰৰ আশে-পাশে থকা দেশসমূহতো এই ভূমিকম্প অনুভৱ কৰা হয় আৰু থাইলেণ্ডৰ ৰাজধানী বেংককত কমেও ১৭ জন লোকৰ মৃত্যু হয়।