নতুন দিল্লী
মুম্বাইত সংঘটিত হোৱা ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে তাহাউৰ ৰানাৰ সম্পৰ্কক লৈ চলি থকা তদন্তত ৰাষ্ট্ৰীয় তদন্ত সংস্থা (নিয়া)ই এই ষড়যন্ত্ৰৰ পৰিকল্পনাত সহায় কৰা লোকৰ নেটৱৰ্কৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই বৃহৎ পৰিসৰৰ আক্ৰমণৰ পৰিকল্পনা কেনেকৈ কৰা হৈছিল আৰু কোন কোন লোক ইয়াৰ সৈতে জড়িত আছিল সেই কথা বুজিবলৈ চেষ্টা কৰি একেৰাহে দ্বিতীয় দিন ৰানাক সোধা-পোছা কৰে।
নিয়াই আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ সম্ভাৱ্য সংযোগ পৰীক্ষাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। সূত্ৰই পিটিআইক জনোৱা মতে, নিয়াই ৰানা আৰু হেডলীৰ মাজত হোৱা কেইবা ডজন ফোন কল পৰীক্ষা কৰি আছে আৰু সেইবোৰ ব্যৱহাৰ কৰি মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰিবলৈ অনুসন্ধান চলাই আছে।
তদন্তকাৰীসকলে বিশ্বাস কৰে যে এই কথা-বতৰাবোৰৰ পৰা আক্ৰমণৰ সবিশেষ, আৰু পৰ্দাৰ আঁৰত কাম কৰাসকলৰ বিষয়েও গুৰুত্বপূৰ্ণ তথ্য পোৱা যাব।
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ৰানাৰ সৈতে ডুবাইত থকা এজন ব্যক্তিৰ সঘনে যোগাযোগ হৈছিল। হেডলীৰ অনুৰোধত তেওঁ ৰানাক লগ পোৱা বুলি ধাৰণা কৰা হৈছে। তদন্তকাৰীয়ে ভাবে যে এই লোকজনে আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে জানিছিল। সূত্ৰই আইএনএছ সংবাদ সংস্থাক জনোৱা মতে, তেওঁলোকে এই “ৰহস্যময় মানুহ”জন ডাউদ ইব্ৰাহিম বা তেওঁৰ অপৰাধমূলক নেটৱৰ্কৰ সৈতে জড়িত আছিল নেকি, সেয়া জানিবলৈ পৰীক্ষা কৰি আছে।
মুম্বাই আক্ৰমণ সংঘটিত কৰা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (লে টি)ৰ সৈতে ৰানাৰ সম্ভাৱ্য সম্পৰ্কৰ বিষয়েও সংস্থাটোৱে চকু ৰাখিছে। এন আই এৰ বিষয়াসকলৰ মতে ২৬/১১ আক্ৰমণৰ পৰিকল্পনা ২০০৫ চনৰ পৰাই আৰম্ভ হৈছিল।