কোনো দেশেই ভাৰতক আওকাণ কৰিব নোৱাৰেঃ নিৰ্মলা সীতাৰমণ

Story by  atv | Posted by  [email protected] • 2 h ago
বিশ্ব বেংকৰ এক অনুষ্ঠানত নিৰ্মলা সীতাৰমণ
বিশ্ব বেংকৰ এক অনুষ্ঠানত নিৰ্মলা সীতাৰমণ

ৱাশ্বিংটন

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিশ্বৰ প্ৰতি ছয়জন ব্যক্তিৰ ভিতৰত এজন ভাৰতীয় আৰু বিশ্বই ভাৰতৰ অৰ্থনীতিক আওকাণ কৰিব নোৱাৰে। এইবাবে ভাৰতে বিশ্বত নিজৰ প্ৰভাৱ বৃদ্ধি কৰিব বিচাৰে। সীতাৰমণে কয় যে কোনো দেশেই সেয়া লাগিলে আমেৰিকাই হওক বা চীনেই হওক, ভাৰতক কোনেও আওকাণ কৰিব নোৱাৰে।
 
ৱাশ্বিংটনত বিশ্ব বেংকৰ এক অনুষ্ঠানত ‘Bretton Woods Institutions at 80: Priorities for the Next Decade' বিষয়ক আলোচনাচক্ৰত অংশগ্ৰহণ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সদায় বহুপক্ষীয় প্ৰতিষ্ঠানক সমৰ্থন কৰি আহিছে আৰু কোনো সময়তে কোনো বহুপক্ষীয় প্ৰতিষ্ঠানক ভেঙুচালি কৰিবলৈ বিচৰা নাই।

বহুপক্ষীয় প্রতিষ্ঠানৰ প্রতি ভাৰতৰ সমর্থন প্রকাশ কৰি তেওঁ কয়, ‘মই ভাবো আমি কৌশলগত আৰু শান্তিপূৰ্ণ বহুপক্ষীয়তাৰ নীতি মানি চলিছো৷ যিটো বহুপক্ষীয়তাবাদৰ বিষয়ে আপোনালোকে আমাক ক’ব বিচাৰে। ভাৰত সদায় বহুপক্ষীয় প্ৰতিষ্ঠানৰ পক্ষত থিয় দি আহিছে। আমি কোনো বহুপক্ষীয় প্ৰতিষ্ঠানক কোনো সময়তে ভেঙুচালি কৰাটো বিচৰা নাছিলো। কিন্তু ক্ৰমান্বয়ে আমি দেখিবলৈ পাওঁ যে বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত থকা আশা আৰু প্ৰত্যাশাবোৰ ছিন্নভিন্ন হৈ পৰিছে। কাৰণ আমি ভাবো যে ইয়াৰ পৰা কোনো সমাধান ওলোৱা নাই।”

দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ ওপৰত এখন বৈঠকৰ অধ্যক্ষতা কৰি সীতাৰমণে কয় যে বছৰ বছৰ ধৰি ভাৰতে কেৱল কঠিন আন্তঃগাঁথনিত বিনিয়োগ কৰাই নহয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থা সৃষ্টিৰ জৰিয়তে প্ৰতিষ্ঠানিক সামৰ্থ্য গঢ়ি তোলাতো সুস্থিৰ অৰ্থনৈতিক বিকাশ নিশ্চিত কৰিছে।