নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ হব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা

Story by  atv | Posted by  Munni Begum • 5 Months ago
নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ
নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ
 
নতুন দিল্লী 
 
বাংলাদেশত 'দুখীয়াৰ বাবে বেংকাৰ' হিচাপে পৰিচিত নোবেল বঁটা বিজয়ী ড০ মহম্মদ ইউনুছে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে কাম কৰিব বুলি দেশত প্ৰতিবাদৰ নেতৃত্ব দিয়া ছাত্ৰ আন্দোলনৰ সমন্বয়কসকলে প্ৰকাশ কৰিছে বুলি এক সুত্ৰই জনায়। 
 
সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ’ত শ্বেখ হাছিনাক উৎখাত কৰা আন্দোলনৰ অন্যতম মূল সমন্বয়ক নাহিদ ইছলামে কয় যে, অধ্যাপক ইউনুছে দেশৰ বৰ্তমানৰ পৰিস্থিতি কথা বিবেচনা কৰি এই দায়িত্ব ল'বলৈ সন্মত হৈছে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নাহিদে ঘোষণা কৰিছে যে, আমি সিদ্ধান্ত লৈছো যে, এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব, য’ত ব্যাপক গ্ৰহণযোগ্যতা থকা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নোবেল বঁটা বিজয়ী ড০ মহম্মদ ইউনুছ মুখ্য উপদেষ্টা হ’ব।   
 
চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থাক লৈ ব্যাপক অৰাজকতাৰ ফলত প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনা শাসনৰ পতন ঘটাত সংসদ ভংগ কৰাৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব বুলি বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কয়। এমাহজোৰা প্ৰতিবাদত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে।   
 
ড০ মহম্মদ ইউনুছৰ ৰাজহুৱা জীৱন আৰু পশ্চিমীয়া দেশ বিশেষকৈ আমেৰিকাৰ সৈতে তেওঁৰ আপাত ঘনিষ্ঠ সম্পৰ্কৰ বাবে ২০০৮ চনত হাছিনা ক্ষমতালৈ অহাৰ পিছৰে পৰা তেওঁৰ সৈতে কেইবাবাৰো সংঘাতৰ সৃষ্টি হৈছে। ২০১১ চনত হাছিনা নেতৃত্বাধীন চৰকাৰে তেওঁক ৬০ বছৰৰ ওপৰত আইনী অৱসৰৰ বয়সৰ দোহাই দি গ্ৰামীণ বেংকৰ পৰিচালন সঞ্চালক পদৰ পৰা বাহিৰ কৰি দিয়া বুলি জানিব পৰা গৈছে। 
 
ইউনুছৰ বিৰুদ্ধে হাছিনা চৰকাৰে ১৯০টাতকৈও অধিক গোচৰত অভিযোগ উত্থাপন কৰিছে। লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সহায় কৰাৰ বাবে ইউনুছে ২০০৬ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা ক্ষুদ্ৰ বিত্তীয় ঋণদাতা গ্ৰামীণ বেংকে বাংলাদেশৰ গ্ৰাম্য দৰিদ্ৰসকলক সৰু সৰু ঋণ দি দেশৰ অৰ্থনৈতিক বিকাশত ইন্ধন যোগাইছিল।
 
চলিত বৰ্ষৰ আৰম্ভণিতে দেশৰ শ্ৰম আইন উলংঘা কৰাৰ বাবে ইউনুছক দোষী সাব্যস্ত কৰা হৈছিল। দেশৰ সৰ্ববৃহৎ মোবাইল ফোন কোম্পানী গ্ৰামীণফোনৰ অংশীদাৰিত্ব থকা গ্ৰামীণ টেলিকমৰ শ্ৰমিক কল্যাণ পুঁজিৰ পৰা $২০ লাখ আত্মসাৎ কৰাৰ অভিযোগতো বাংলাদেশৰ আদালতে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।  
 
১৯৪০ চনত চট্টগঙত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছে ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ শিক্ষা গ্ৰহণৰ বাবে আমেৰিকালৈ যোৱাৰ পূৰ্বে ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পি এইচ ডি সম্পূৰ্ণ কৰাৰ পিছত ইউনুছে বাংলাদেশলৈ উভতি অহাৰ পূৰ্বে মিডল টেনেচি ষ্টেট ইউনিভাৰ্চিটিত সহকাৰী অধ্যাপকৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল।