ভাৰতক উত্তেজিত কৰিবলৈ চেষ্টা কৰা নাই, কিন্তু উত্তৰ বিচাৰোঁ: বিতৰ্কৰ মাজত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
জাষ্টিন ট্ৰুডো
জাষ্টিন ট্ৰুডো
অটাৱা
 
মঙলবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কয় যে কানাডাই ভাৰতৰ এজেণ্টসকলক খালিস্তানী সন্ত্ৰাসবাদীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি মত দি ভাৰতক উত্তেজিত কৰিবলৈ চেষ্টা কৰা নাই যদিও অটাৱাই বিচাৰিছে যে নতুন দিল্লীয়ে এই বিষয়টো সঠিকভাৱে সমাধান কৰক।
 
সাংবাদিকৰ আগত তেওঁ কয় যে ভাৰত চৰকাৰে এই বিষয়টো পৰম গুৰুত্বসহকাৰে লোৱাটো প্ৰয়োজন। ইয়াৰ পূৰ্বে ভাৰতে কানাডা চৰকাৰৰ অভিযোগক অযৌক্তিকৰ বুলি কৈছিল।
 
জুনত খালিস্তানি সন্ত্ৰাসবাদীৰ হত্যাত ভাৰতে ভূমিকা পালন কৰা বুলি ট্ৰুডোৰ অভিযোগৰ পাছত ভাৰতে আজি এজন জ্যেষ্ঠ কানাডাৰ কূটনীতিবিদক বহিষ্কাৰ কৰে। নাম প্ৰকাশ নকৰা কূটনীতিবিদগৰাকীয়ে দেশ এৰি যাবলৈ পাঁচ দিনৰ সময় আছে।
 
সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰৰ হাতত হৰদীপ সিং নিজাৰ হত্যাকাণ্ডক “ভাৰত চৰকাৰৰ এজেণ্ট”ৰ জড়িত থকা “বিশ্বাসযোগ্য অভিযোগ” আছে। ভাৰত চৰকাৰে এই অভিযোগক “অযৌক্তিক আৰু অনুপ্ৰেৰিত” বুলি নাকচ কৰে।
 
এই তৰ্কই কূটনৈতিক সম্পৰ্কত নতুনকৈ আঘাত হানে। কানাডাত শিখ বিচ্ছিন্নতাবাদী কাৰ্যকলাপক লৈ নতুন দিল্লী অসন্তুষ্ট। এতিয়া ই বাণিজ্যিক সম্পৰ্কলৈও ভাবুকি কঢ়িয়াই আনিছে। যোৱা সপ্তাহত প্ৰস্তাৱিত বাণিজ্যিক চুক্তিৰ আলোচনা নিশ্চিহ্ন কৰা হৈছিল।