নতুন দিল্লী
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ট ট্ৰাম্প আৰু ডেম’ক্ৰেট প্ৰাৰ্থী কমলা হেৰিছৰ মাজত চলিছে তুমুল যুঁজ। কিন্তু ভোটগণনা যিমানে আগুৱাইছে, সিমানেই কমলা হেৰিছক পিছ পেলাই আগুৱাইছে ড’নাল্ড ট্ৰাম্প। নিৰ্বাচনৰ পূৰ্বৰ সমীক্ষাক ভুল প্ৰমাণিত কৰিব নেকি ট্ৰাম্পে? প্ৰাথমিক ট্ৰেণ্ডিঙে তাৰেই ইংগিত দিছে। কিন্তু যিকোনো মুহূৰ্ততে ফলাফলে গতি সলাব পাৰে বুলি ধাৰণা কৰিছে ৰাজনৈতিক পৰ্যবেক্ষকসকলে।
বুধবাৰে পুৱালৈ (ভাৰতীয় সময় অনুসৰি) ১৫খন প্ৰদেশত আগুৱাই আছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প। ‘নউ য়ৰ্ক টাইমছ’ৰ তথ্য অনুসৰি, এতিয়ালৈ ট্ৰাম্পে যি ১৫খন প্ৰদেশত আঘুৱাই আছে, তাৰ ভিতৰত ফ্ল’ৰিডা, টেক্সাছৰ দৰে প্ৰদেশত জয়ী হৈছে ৰিপাব্লিকান। তাত কমলাৰ পক্ষত আছে নিউয়ৰ্ক, ইলিনয়েছসহ কেইবাখনো প্ৰদেশ। আসনৰ পৰিসংখ্যা অনুসৰি, এইপৰ্যন্ত ৰিপাব্লিকানে আগুৱাইছে ২১৪খন আসনত আৰু ডেম’ক্ৰেটে ১৭৯খনত।
বিভিন্ন সমীক্ষাত ডেম’ক্ৰেট প্ৰাৰ্থীক আগত ৰখা হৈছিল। কিন্তু ফলাফলৰ প্ৰাথমিক প্ৰৱণতাই দিছে অন্য ইংগিত। এনবিচিৰ সমীক্ষাত কোৱা হৈছিল ৪৮ শতাংশ সমৰ্থন লাভ কৰিব কমলাই আৰু ৪৪ শতাংশ লাভ কৰিব ট্ৰাম্পে। এইবাৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত গুৰুত্ব দিয়া হৈছিল পাঁচটা বিষয়ৰ ওপৰত। সেইসমূহ হ’ল - গণতন্ত্ৰ, অৰ্থনীতি, গৰ্ভপাত, অভিবাসন আৰু বিদেশ নীতি।
কিন্তু এতিয়াও আমেৰিকাৰ ৰাজনীতিত ‘ছুইং ষ্টেট’ বা ‘বেটেল গ্ৰাউণ্ড ষ্টেট’ নামেৰে পৰিচিত সাত প্ৰদেশৰ ফলাফল ওলোৱা নাই। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, পেনছিলভেনিয়া, উইছকনছিন, মিছিগান, জৰ্জিয়া, এৰিজোনা, নৰ্থ কেৰোলাইনা আৰু নেভাডাই এই ৰাষ্ট্ৰপতি নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ‘উইনাৰ টেক্ছ ইট অল’ নীতিৰ বাবে এই সাতখন প্ৰদেশৰ ভূমিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্ণায়ক হ’ব পাৰে। আমেৰিকাত সাধাৰণভাৱে কিছু প্ৰদেশত সচৰাচৰ ডেম’ক্ৰেটক, কিছুমানত ৰিপাব্লিকানত সমৰ্থন কৰে। কেইখনমান প্ৰদেশত এনেধৰণৰ ধৰাবন্ধা হিচাপ নচলে। তেওঁলোকে কেতিয়াবা ডেম’ক্ৰেট, কেতিয়াবা ৰিপাব্লিকানক বাচি লয়। এইবোৰেই ‘ছুইং ষ্টেট’। অধিকসংখ্যক প্ৰদেশতে ভোটগণনা শেষ হৈছে। অপেক্ষা মাথোঁ ফলাফলৰ।