আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণ; নিহত ১৫ জন

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ বৰমাল জিলাত পাকিস্তানৰ বিমান আক্ৰমণৰ প্ৰকাশ পাইছে। এই আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ১৫ জন লোক নিহত হৈছে। ২৪ ডিচেম্বৰৰ নিশা ৭খন গাঁৱক লক্ষ্য কৰি পাকিস্তানে এই আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণত লক্ষ্য কৰি লোৱা গাঁওসমূহৰ ভিতৰত লমন গাঁও, য’ত একেটা পৰিয়ালৰ পাঁচজন সদস্য নিহত হয় । খবৰ অনুসৰি এই আক্ৰমণ পাকিস্তানী জেট বিমানে সংঘটিত কৰিছিল।
 
উল্লেখ্য যে যদিও পাকিস্তানে এই বিমান আক্ৰমণ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই, তথাপিও নিৰাপত্তা সূত্ৰই জনোৱা মতে, আফগানিস্তানৰ তালিবানৰ ঘাটিত এই আক্ৰমণ সংঘটিত হৈছে । কোৱা হৈছে যে এই আক্ৰমণত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
 
খবৰ অনুসৰি বৰমালৰ মুৰ্গবজাৰ গাঁৱত হোৱা আক্ৰমণে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰি মানৱীয় সংকট বৃদ্ধি কৰিছে । স্থানীয় বিষয়াসকলে জনোৱা মতে, এই আক্ৰমণত বৃহৎ সংখ্যক সাধাৰণ নাগৰিক আহত হোৱাৰ লগতে অঞ্চলটোৰ ক্ষতিসাধন হৈছে । উদ্ধাৰ অভিযান অব্যাহত থকাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
 
এই ক্ষেত্ৰত তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণসমূহক তীব্ৰ গৰিহণা দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত কয় যে তেওঁলোকৰ মাটি আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাটো তেওঁলোকৰ বৈধ অধিকাৰ। ইয়াৰ লগতে মন্ত্ৰালয়ে দাবী কৰে যে এই আক্ৰমণত ৱাজিৰস্তানী শৰণাৰ্থীও নিহত হৈছে।