ইছলামাবাদ
পাকিস্তানব কমেও ১৮ গবাকী পাৰমাণৱিক বিজ্ঞানীক অপহৰণ কবি নিছে সন্ত্রাসবাদী সংগঠন তেহরিক-ই-তালিবান পাকিস্তানে। কেৱল এয়াই নহয়, বিজ্ঞানীসকলৰ ওচৰত মজুত থকা ইউবেনিয়ামসহ পাৰমাণবিক বোমা তৈয়াৰ কৰিব পৰা কেতবোৰ সামগ্রীও লৈ যায় সন্ত্রাসবাদীৰ দলে।
পাকিস্তানৰ সেনাৰ সূত্রই এই কথা প্রকাশ কৰিছে। অতদিনে যে গাখীৰ খুৱাই সাপহে পুহিছিল, সেই কথা এতিয়া তালিবানৰ কর্ম-কাণ্ডই মর্মে মর্মে উপলব্ধি কৰাইছে ইছলামাবাদক। বিজ্ঞানীসকলৰ লগতে তেওঁলোকৰ সহায়কসকলকো অপহৰণ কৰে তালিবানে। আফগানিস্তান সীমান্তবর্তী পাকিস্তানৰ প্রদেশ খাইবার পাখতুনক আফগানিস্তানত অন্তর্ভুক্তি অথবা স্বাধীন কৰাৰ বাবে চেষ্টা কৰি আছে তেহৰিক-ই-তালিবান পাকিস্তানে।
আফগানিস্তানত তালিবান শাসন আবস্ত হোৱাৰ পিচতে এই সন্ত্রাসবাদী সংগঠনটো পুনৰ সক্রিয় হৈ উঠিছে। পাৰমাণবিক বিজ্ঞানীৰ দলক অপহৰণ কৰাৰ বিষয়টোরে স্বাভাৱিকতে চিন্তাত পেলাইছে পাকিস্তান প্রশাসনক। সন্ত্রাসবাদী সংগঠনটোৱে নিজে পাৰমাণবিক বোমা তৈয়াৰ কৰিবৰ বাবেই বিজ্ঞানীৰ দলটোক সা-সৰঞ্জামসহ অপহৰণ কৰা বুলি চর্চা হৈছে।
অৱশ্যে পাক সেনাৰ সূত্রৰ দাবী- সামৰিক অভিযান বন্ধ কৰিলেই বিজ্ঞানীৰ দলটোক মুক্তি দিব বুলি চর্ত দিছে টি টি পিয়ে। সূত্ৰটোৰ মতে ১৮ গৰাকী বিজ্ঞানীয়েই পাকিস্তান আণবিক শক্তি আয়োগৰ সৈতে জড়িত আৰু ৰাষ্ট্ৰীয় কেতবোৰ গুৰুত্বপূর্ণ প্রকল্পত নিয়োজিত আছিল।