বাংলাদেশৰ মুদ্ৰাৰ নোটৰ পৰা আঁতৰালে শ্বেখ মুজিবুৰ ৰহমানৰ ছবি

Story by  atv | Posted by  Munni Begum • 20 d ago
বাংলাদেশৰ মুদ্ৰাৰ নোট
বাংলাদেশৰ মুদ্ৰাৰ নোট
 
ঢাকা
 
শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰাৰ কেইমাহমানৰ পাছত বাংলাদেশে হাছিনাৰ পিতৃ আৰু দেশ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিচ্ছবি মুদ্ৰা নোটৰ পৰা আতঁৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।  
 
বাংলাদেশ বেংকে নতুন নোট ছপাৰ কাম আৰম্ভ কৰিছে। এই নোটত বাংলাদেশত সংঘটিত হোৱা জুলাই মাহৰ বিদ্ৰোহৰ বৈশিষ্ট্যও সন্নিৱিষ্ট কৰা হৈছে। সংবাদ মাধ্যমে বৃহস্পতিবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, ছাত্ৰ নেতৃত্বাধীন প্ৰতিবাদৰ কথা উল্লেখ কৰি হাছিনাক ৫ আগষ্টত ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য কৰাইছিল। নবেল বঁটা বিজয়ী মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। 
 
কেন্দ্ৰীয় বেংকৰ তথ্য অনুসৰি অন্তৱৰ্তীকালীন চৰকাৰৰ নিৰ্দেশনা অনুসৰি  ২০ টাকা, ১০০ টাকা, ৫০০ টাকা, আৰু ১০০০ টাকাৰ নোট ছপা কৰা হৈছে। বেংকৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ‘নতুন নোটত ‘বংগবন্ধু’ শ্বেখ মুজিবুৰ ৰহমানৰ ছবি অন্তৰ্ভুক্ত নহ’ব। জুলাই মাহৰ বিদ্ৰোহৰ সময়ত অংকন কৰা ধৰ্মীয় গাঁথনি, বঙালী পৰম্পৰা আৰু "গ্ৰেফিটি" অন্তৰ্ভুক্ত কৰা হ'ব বুলিও কোৱা হৈছে।
 
বাংলাদেশ বেংকৰ কার্যবাহী সঞ্চালক হুছনেৰা শিখাৰ উদ্ধৃতি দি প্রকাশ কৰিছে যে, অহা ছমাহৰ ভিতৰত নতুন নোটখন বজাৰত মুকলি কৰিব পৰা যাব৷ সংবাদ মাধ্যম বাতৰি অনুসৰি, বেংক আৰু বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে, বৰ্তমানৰ নোটৰ পৰা নেতাগৰাকীৰ ভাবমূৰ্তি আঁতৰোৱা হ’ব। প্ৰথম অৱস্থাত চাৰিখন নোটৰ ডিজাইন সলনি কৰা হৈছে, আৰু বাকীবোৰৰ ডিজাইন পৰ্যায়ক্ৰমে পুনৰ নিৰ্মাণ কৰা হ’ব বুলি তেওঁলোকে কয়।  
 
বিত্ত মন্ত্ৰালয়ৰ বিত্ত প্ৰতিষ্ঠান বিভাগে ছেপ্টেম্বৰ মাহত নতুন নোটসমূহৰ বিশদ ডিজাইন প্ৰস্তাৱ দাখিল কৰিছিল। প্ৰথম অৱস্থাত বিতৰ্কিত চাকৰি কোটাৰ বিৰোধিতা কৰা প্ৰতিবাদৰ সময়ত মুজিবুৰ ৰহমানৰ উত্তৰাধিকাৰ (যাক সততে জাতিৰ পিতৃ বুলি কোৱা হয়) আক্ৰমণৰ বলি হৈছিল। তেওঁৰ কন্যাই ভাৰতলৈ পলায়ন কৰাৰ সময়ত তেওঁৰ প্ৰতিমূৰ্তি আৰু মিউৰেলসমূহ লক্ষ্য কৰি লোৱা হৈছিল, আৰু এতিয়াও তাতেই বাস কৰা বুলি জানিব পৰা গৈছে।   
 
শেহতীয়া মন্তব্যত ইউনুছক পোনপটীয়াকৈ লক্ষ্য কৰি হিন্দুকে ধৰি সংখ্যালঘুসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে তেওঁৰ এই মন্তব্যক “ঘৃণামূলক ভাষণ” বুলি অভিহিত কৰিছে, আৰু দেশখনৰ নেতাসকলে কয় যে ইউনুছ চৰকাৰৰ বিৰুদ্ধে সমালোচনা অভিযান অব্যাহত আছে।