কুৱেইটত প্ৰধানমন্ত্ৰী মোদী; মহাভাৰত-ৰামায়ণ আৰবী ভাষালৈ অনুবাদ কৰা অনুবাদক, প্ৰকাশকক সাক্ষাৎ

Story by  atv | Posted by  [email protected] • 3 h ago
মহাভাৰত-ৰামায়ণ আৰবী ভাষালৈ অনুবাদ কৰা অনুবাদক আৰু প্ৰকাশকৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
মহাভাৰত-ৰামায়ণ আৰবী ভাষালৈ অনুবাদ কৰা অনুবাদক আৰু প্ৰকাশকৰ সৈতে প্ৰধানমন্ত্ৰী মোদী
 
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। তাত তেওঁ আজি মহাকাব্য ৰামায়ণ আৰু মহাভাৰত আৰবী ভাষালৈ অনুবাদ কৰা আব্দুল্লা আল বাৰৌন আৰু ৰামায়ণ আৰু মহাভাৰতৰ আৰবী সংস্কৰণ প্ৰকাশ কৰা আব্দুল লতিফ আল নেছেফক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত তেওঁলোকৰ বিষয়ে উল্লেখ কৰিছিল।
 
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কুৱেইটত বাস কৰা ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মংগল ছাইন হাণ্ডাকো সাক্ষাৎ কৰে। অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ছ’চিয়েল মিডিয়াত অনুৰোধ কৰিছিল যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক লগ কৰিব বিচাৰে। ইয়াৰ পিছতে তেওঁ কুৱেইটৰ প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে। এই অনুষ্ঠানত প্ৰৱাসী ভাৰতীয়সকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী মোদীক উষ্ণ আদৰণি জনায়। অনুষ্ঠানত অসমৰ অতি আপোন বিহু নৃত্যও প্ৰদৰ্শন কৰা হয়।
 
উল্লেখ্য যে, ৪৩ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো কুৱেইট ভ্ৰমণ। ই নিঃসন্দেহে বিভিন্ন দিশত ভাৰত-কুৱেইটৰ বন্ধুত্বক শক্তিশালী কৰিব। ১৯৮১ চনত কুৱেইট ভ্ৰমণ কৰা ভাৰতৰ শেষ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। প্ৰধানমন্ত্ৰী মোদীক আজি কুৱেটত আদৰণি জনায় দেশখনৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা আৰু স্বৰাজ মন্ত্ৰী শ্বেইখ ফাহাদ ইউছুফ ছাউদ আল-ছাবাহে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কুৱেইটৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁৰ আলোচনা ভাৰত আৰু কুৱেইটৰ মাজত ভৱিষ্যতৰ অংশীদাৰিত্বৰ বাবে ৰোডমেপ তৈয়াৰ কৰাৰ সুযোগ হ’ব। "কুৱেইটৰ সৈতে যি ঐতিহাসিক সংযোগ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰচলিত হৈ আহিছে, সেই সম্পৰ্কক আমি গভীৰভাৱে মূল্য দিওঁ। আমি কেৱল শক্তিশালী বাণিজ্য আৰু শক্তিৰ অংশীদাৰ নহয় বৰঞ্চ পশ্চিম এছিয়া অঞ্চলত শান্তি, নিৰাপত্তা, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰতিও আমাৰ উমৈহতীয়া আগ্ৰহ আছে।"-প্ৰধানমন্ত্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আমিৰ, ক্ৰাউন প্ৰিন্স আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ বাবে অত্যন্ত আগ্ৰহী। 
 
কুৱেইটত অনুষ্ঠিত হ’বলগীয়া ২৬ সংখ্যক আৰব উপসাগৰীয় কাপ (26th Arabian Gulf Cup)ৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখ্য যে, কুৱেইটৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ভিতৰত ভাৰত হৈছে অন্যতম দেশ।
কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী সম্প্ৰদায় হৈছে ভাৰতীয় সম্প্ৰদায়। কুৱেইটৰ মুঠ জনসংখ্যাৰ ২১ শতাংশ (১০ লাখ) আৰু ইয়াৰ কৰ্মশক্তিৰ ৩০ শতাংশ (প্ৰায় ৯ লাখ) ভাৰতীয়ই গঠন কৰে। কুৱেইটত থকা ভাৰতীয় দূতাবাসৰ মতে ব্যক্তিগত খণ্ডৰ লগতে ঘৰুৱা খণ্ডৰ কৰ্মশক্তিৰ তালিকাত ভাৰতীয় শ্ৰমিকসকলে শীৰ্ষস্থান দখল কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত কুৱেইট আৰু ভাৰতৰ দ্বিপাক্ষিক বাণিজ্যৰ মূল্য আছিল ১০.৪৭ বিলিয়ন ডলাৰ।
 
ইয়াৰ উপৰিও কুৱেইট ভাৰতৰ ষষ্ঠ বৃহত্তম খাৰুৱা তেল যোগানকাৰী দেশ, যিয়ে দেশৰ শক্তিৰ ৩ শতাংশ প্ৰয়োজন পূৰণ কৰে। প্ৰথমবাৰৰ বাবে কুৱেইটলৈ ভাৰতৰ ৰপ্তানি ২ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ভাৰতত কুৱেইট বিনিয়োগ কৰ্তৃপক্ষৰ বিনিয়োগে ১০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ভাৰত আৰু কুৱেইটৰ মাজত পৰম্পৰাগতভাৱে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে।