উল্লেখ্য যে, এই ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে দ্বিপাক্ষিক সম্পৰ্কক বৰ্ধিত কৌশলগত অংশীদাৰিত্বৰ মৰ্যাদালৈ উন্নীত কৰে। ইয়াৰ পূৰ্বে বুধবাৰে পুৱা ৰামগুলামে দেশৰ ৰাজধানী প’ৰ্ট লুইছত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক মৰিচাছৰ সৰ্বোচ্চ সন্মান গ্ৰেণ্ড কমাণ্ডাৰ অৱ অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন (Grand Commander of the Order of the Star and Key of the Indian Ocean) প্ৰদান কৰে। এই সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী মোদী প্ৰথমজন ভাৰতীয় আৰু পঞ্চমজন বিদেশী নাগৰিক। মোদীয়ে এই সন্মান ভাৰতৰ ১৪০ কোটি জনসাধাৰণ আৰু আমাৰ দেশ দুখনৰ মাজত শতিকা পুৰণি বন্ধুত্বৰ প্ৰতি উৎসৰ্গা কৰে।Prime Minister Narendra Modi tweets, "Honoured to be conferred the Grand Commander of the Order of the Star and Key of the Indian Ocean, and that too on Mauritius’ National Day."
— ANI (@ANI) March 12, 2025
(Pic Source: Prime Minister Narendra Modi/X) pic.twitter.com/3Q5DIqWlx6
এই ভ্ৰমণৰ সময়ত ভাৰত আৰু মৰিচাছে নিৰাপত্তা সহযোগিতা, কূটনীতিবিদসকলক প্ৰশিক্ষণ দিয়া, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলক সহায় কৰা, বৈজ্ঞানিক সহযোগিতা, আৰু আৰ্থিক সাহায্য আদিৰ দৰে ক্ষেত্ৰসমূহত এলানি চুক্তি স্বাক্ষৰ কৰে। মোদী আৰু ৰামগুলামে মৰিচাছত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচনো (Atal Bihari Vajpayee Institute of Public Service and Innovation ) উদ্বোধন কৰে। এই প্ৰতিষ্ঠানে শিক্ষা, গৱেষণা আৰু জনসেৱাৰ কেন্দ্ৰ হিচাপে কাম কৰিব বুলি মোদীয়ে উল্লেখ কৰে।Honoured to attend the National Day celebrations of Mauritius! Wishing the people of Mauritius continued prosperity and success as we also strengthen the deep-rooted ties between our countries. pic.twitter.com/9zsTfxF3O3
— Narendra Modi (@narendramodi) March 12, 2025