৫ বছৰৰ মূৰত দ্বিপাক্ষিক বৈঠকত মিলিত হ'ল প্ৰধানমন্ত্ৰী মোদী- চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং

Story by  atv | Posted by  [email protected] • 16 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বহুপ্ৰত্যাশিত দ্বিপাক্ষিক বৈঠক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বহুপ্ৰত্যাশিত দ্বিপাক্ষিক বৈঠক
 
কাজান

ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বহু প্ৰত্যাশিত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। পাঁচ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী নেতাই আনুষ্ঠানিক বৈঠকত মিলিত হয়। তেওঁলোকে শেষবাৰৰ বাবে ২০১৯ চনৰ অক্টোবৰ মাহত লগালগি হৈছিল।
 
তাৰ পিছত ২০২০ চনত গালৱান সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক অত্যন্ত উত্তেজনাপূৰ্ণ হৈ পৰে। অৱশ্যে ২০২২ চনত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলন আৰু যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনত দুয়োগৰাকী নেতা মুখামুখি হৈছিল। কিন্তু দুয়োৰে মাজত কোনো দ্বিপাক্ষিক কথা-বতৰা হোৱা নাছিল।
 
২০২৩ চনত যেতিয়া ভাৰতে জি-২০ৰ আয়োজন কৰিছিল, তেতিয়া জিনপিঙে তাত উপস্থিত নাছিল। তেওঁ নিজৰ প্ৰতিনিধিক নতুন দিল্লীলৈ প্ৰেৰণ কৰিছিল। উল্লেখ্য যে, এল এ চিত টহল দিয়াৰ চুক্তিত সহমত হোৱাৰ ৭২ ঘন্টা নৌহওঁতেই মোদী আৰু জিনপিঙৰ বৈঠক দ্বিপাক্ষিক সম্পৰ্কৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "৫ বছৰৰ পিছত আমি আনুষ্ঠানিক বৈঠকত মিলিত হৈছো। আমি বিশ্বাস কৰোঁ যে ভাৰত-চীনৰ সম্পৰ্ক কেৱল আমাৰ জনসাধাৰণৰ বাবেই নহয়, বিশ্ব শান্তি, সুস্থিৰতা আৰু প্ৰগতিৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সীমান্তত যোৱা ৪ বছৰত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে, সেইবোৰৰ ওপৰত শেহতীয়াকৈ যিবোৰ ঐকমত্যত উপনীত হৈছে, তাক আমি আদৰণি জনাইছো। সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখাটো আমাৰ অগ্ৰাধিকাৰ হৈ থাকিব লাগে। পাৰস্পৰিক বিশ্বাস, সন্মান আৰু  সংবেদনশীলতা আমাৰ সম্পৰ্কৰ ভিত্তি হৈ থকা উচিত।"
 
ইয়াৰ পূৰ্বে, সোমবাৰে ভাৰত আৰু চীনে এল এ চিৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তিত সন্মতি প্ৰকাশ কৰিছিল। ইয়াৰ অধীনত দুয়োখন দেশৰ সেনাবাহিনী পূব লাডাখৰ ২ পইণ্ট দেপছাং আৰু ডেমচোকৰ পৰা পিছুৱাই যাব। ২০২০ চনৰ এপ্ৰিলৰ দৰে পৰিস্থিতি দুয়োটা পইণ্টলৈ পুনৰ উভতি আহিব। এই দুটা পইণ্টত ভাৰতীয় জোৱানে এতিয়া টহল দিব পাৰিব। গালৱান সংঘৰ্ষৰ পিছৰে পৰা ভাৰতীয় সেনাই ইয়াত টহল দিব পৰা নাই।
 
এল এ চিৰ ওপৰত উত্তেজনা হ্ৰাস কৰিবলৈ ভাৰত আৰু চীনৰ মাজত ২১ ৰাউণ্ডৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে। ২০২০ চনত ৮ খন, ২০২১ চনত ৫ খন, ২০২২ চনত ৪ খন, ২০২৩ চনত ৩ খন আৰু ফেব্ৰুৱাৰী মাহত ২০২৪ খন আলোচনা সম্পন্ন হৈছে। 
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত কেইবাটাও স্তৰত আলোচনা হয়। তাৰ পিছত এই বছৰ জুলাই আৰু আগষ্ট মাহত দুয়োজন নেতাই দুবাৰকৈ বৈঠকত মিলিত হয়। ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ৱাঙেও বৈঠকত মিলিত হৈছিল। এতিয়া এই বৈঠকবোৰৰ ইতিবাচক ফলাফল সকলোৱে দেখিবলৈ ধৰিছে।
 
ভাৰত আৰু চীনৰ সীমান্তৱৰ্তী অঞ্চলত টহল দি ২০২০ চনৰ পিছত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে এটা প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছে বুলি সোমবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ বিক্ৰম মিশ্ৰীয়ে প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত দুয়োখন দেশে পদক্ষেপ গ্ৰহণ কৰিব।


শেহতীয়া খবৰ