ৰাছিয়াত ইউ এ ই আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 3 h ago
ইউ এ ই আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
ইউ এ ই আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

কাজান

১৬সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি অধিৱেশনত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে বহু প্ৰত্যাশিত দ্বিপাক্ষিক বৈঠকত মিলিত হৈ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণৰ সামৰণি মাৰে। স্বদেশলৈ উভতি অহাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
 
উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাত মিৰ্জিঅ’য়েভৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে বাণিজ্য, অৰ্থনৈতিক, স্বাস্থ্য, সংযোগ, সামৰ্থ্য বিকাশ আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই গ্ল’বেল ছাউথৰ কণ্ঠ শক্তিশালী কৰাৰ বাবে আঞ্চলিক আৰু বিশ্বব্যাপী মঞ্চত একেলগে কাম কৰিবলৈ সন্মত হয়।
বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি কয়, "কাজানত ৰাষ্ট্ৰপতি শ্বাভকাত মিৰ্জিঅ'য়েভৰ সৈতে আমাৰ এক বৈঠক হৈছিল। এই বৈঠকত বাণিজ্য আৰু সাংস্কৃতিক সংযোগকে ধৰি ভাৰত আৰু উজবেকিস্তানৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰা হৈছিল।"
ইফালে, ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে হোৱা বৈঠকত তেওঁ ভাৰত-ইউ এ ইৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা মূল্যায়ন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কাজানত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ আঁৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি মোৰ ভাতৃস্বৰূপ শ্ৰীমান শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক লগ পাই আনন্দিত হৈছো।"
 
উল্লেখ্য যে, প্রধানমন্ত্রী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে প্রায় পাঁচ বছৰৰ পাছত প্রতিনিধি দল পর্যায়ত প্রথমখন বৈঠকত অংশ লোৱাৰ পিছতে ইউ এ ই আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক অনুষ্ঠিত হয়৷