বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে মহম্মদ ইউনুছলৈ পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  [email protected] • 4 d ago
নৰেন্দ্ৰ মোদী আৰু মহম্মদ ইউনুছ
নৰেন্দ্ৰ মোদী আৰু মহম্মদ ইউনুছ
 
নতুন দিল্লী

বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ এখন পত্ৰ লিখিছে ভাৰতৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে চুবুৰীয়া দেশখনলৈ ৰাষ্ট্ৰীয় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁৰ পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ১৯৭১ চনৰ মুক্তি যুদ্ধৰ ঐতিহাসিক তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰি ভাৰত আৰু বাংলাদেশৰ মাজত থকা শক্তিশালী আৰু স্থায়ী সম্পৰ্কৰ ভেটি হিচাপে এই যুদ্ধৰ ভূমিকাক পুনৰবাৰ উল্লেখ কৰে।
 
তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ইউনুছক কয় যে ভাৰতে বাংলাদেশৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিবলৈ সংকল্পবদ্ধ হৈ আছে। তেওঁ অৱশ্যে ইয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে যে সম্পৰ্ক শক্তিশালী কৰিবলৈ পাৰস্পৰিক স্বাৰ্থ আৰু উদ্বেগৰ প্ৰতি সংবেদনশীল হোৱাৰ প্ৰয়োজন আছে। 
 
"মই বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱসৰ উপলক্ষে বাংলাদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। এই দিনটো আমাৰ উমৈহতীয়া ইতিহাস আৰু ত্যাগৰ প্ৰমাণ হিচাপে থিয় দিছে, যিয়ে আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছে। বাংলাদেশৰ মুক্তি যুদ্ধই আমাৰ সম্পৰ্কৰ বাবে এক পথ প্ৰদৰ্শক হৈ আছে, যি একাধিক ক্ষেত্ৰত প্ৰতিফলিত হৈছে। ইয়াৰ ফলত আমাৰ লোকসকল স্পষ্ট ৰূপত উপকৃত হৈছে।" প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
 
তেওঁ লগতে কয়, "শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমি দুই দেশৰ অংশীদাৰিত্বক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো। আমি ইজনে সিজনৰ স্বাৰ্থ আৰু উদ্বেগৰ প্ৰতি পাৰস্পৰিক সংবেদনশীলতা দেখুৱাব লাগিব।"
 
ইফালে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনলৈ ৰাষ্ট্ৰীয় দিৱসৰ অভিনন্দন জ্ঞাপন কৰে আৰু গণতান্ত্ৰিক আৰু প্ৰগতিশীল বাংলাদেশৰ প্ৰতি নতুন ভাৰতৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে।
 
১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰা উপলক্ষে ২৬ মাৰ্চত বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়। ১৯৭১ চনৰ ৬ ডিচেম্বৰত বাংলাদেশক এখন সাৰ্বভৌম আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া ভূটানৰ পিছত ভাৰত দ্বিতীয়খন দেশ আছিল। ২০২১ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিনটো ভাৰত-বাংলাদেশৰ বন্ধুত্ব দিৱস (মৈত্ৰী দিৱস) বুলি উল্লেখ কৰিছিল।