আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্প, কমলা হেৰিছৰক তীব্ৰ সমালোচনা পোপ ফ্ৰান্সিছৰ

Story by  atv | Posted by  Munni Begum • 3 d ago
পোপ ফ্ৰান্সিছ
পোপ ফ্ৰান্সিছ
 
জেৰুজালেম
 
শুকুৰবাৰে পোপ ফ্ৰান্সিছে প্ৰব্ৰজন আৰু গৰ্ভপাতৰ ক্ষেত্ৰত জীৱন বিৰোধী নীতিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দুয়োগৰাকী প্ৰাৰ্থীকে তীব্ৰ সমালোচনা কৰিছে আৰু তেওঁ আমেৰিকাৰ কেথলিকসকলক আগন্তুক আমেৰিকাৰ নিৰ্বাচনত যিজনকে “ভাল” বুলি ভাবে সেইজনকে  নিৰ্বাচন কৰিবলৈ পৰামৰ্শ দিয়ে।  
 
ফ্ৰান্সিছে কয়, "দুয়োগৰাকী প্ৰাৰ্থীয়ে জীৱনৰ বিৰোধী। সেয়া প্ৰব্ৰজনকাৰীক বাহিৰ কৰি দিয়া জনেই হওক বা কেঁচুৱাক হত্যা কৰা জনেই হওক।" 
 
পোপ ফ্ৰান্সিছে এছিয়াৰ চাৰিখন দেশ ভ্ৰমণ কৰি ৰোমলৈ উভতি যোৱাৰ সময়ত এক সংবাদমেলত আমেৰিকাৰ কেথলিক ভোটাৰসকলক পৰামৰ্শ দিবলৈ কোৱা হৈছিল। ফ্ৰান্সিছে জোৰ দি কয় যে, তেওঁ আমেৰিকান নহয় আৰু তেওঁ ভোটদান নকৰে। 
 
ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প বা ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছৰ নাম উল্লেখ কৰা হোৱা নাছিল। কিন্তু তথাপিও ফ্ৰান্সিছে আমেৰিকাৰ নিৰ্বাচনৰ দুয়োগৰাকী প্ৰাৰ্থীৰ বিষয়ে তীব্ৰ ভাষাৰে প্ৰকাশ কৰিছিল যে, গৰ্ভপাত আৰু প্ৰব্ৰজনৰ ওপৰত তেওঁলোকৰ স্থিতিৰ ওপৰত গুৰুত্ব দিব লাগে।  
 
ফ্ৰান্সিছে কয় যে প্ৰব্ৰজন হৈছে শাস্ত্ৰত বৰ্ণনা কৰা এটা অধিকাৰ আৰু যিয়ে অচিনাকি মানুহক আদৰিবলৈ বাইবেলৰ আহ্বান অনুসৰণ নকৰে তেওঁ “গুৰুতৰ পাপ” কৰি আছে। গৰ্ভপাতৰ কথাও তেওঁ কৈছিল যে, “গৰ্ভপাত কৰা মানে মানুহক হত্যা কৰা। শব্দটো ভাল পাব পাৰে বা বেয়াও পাব পাৰে, কিন্তু ই হত্যায়ে হয়। এইটো আমি স্পষ্টকৈ চাব লাগিব।” 
 
নিৰ্বাচনত ভোটাৰসকলে কি কৰিব লাগে বুলি সোধাত ফ্ৰান্সিছে ভোটদানৰ নাগৰিকৰ কৰ্তব্যৰ কথা মনত পেলাই দিয়ে। তেওঁ কয়, “ভোটদান দিব লাগে, আৰু ভাল জনক বাছি ল’ব লাগে। বিবেকেৰে সকলোৱে চিন্তা আৰু কৰা উচিত।"
 
শুকুৰবাৰৰ সংবাদমেলত ফ্ৰান্সিছে আমেৰিকাৰ নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰথম নহয়। ২০১৬ চনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ফ্ৰান্সিছক আমেৰিকা-মেক্সিকো সীমান্তত দেৱাল নিৰ্মাণৰ ট্ৰাম্পৰ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল। তেতিয়া ফ্ৰান্সিছে ঘোষণা কৰিছিল যে, প্ৰব্ৰজনকাৰীক বাহিৰত ৰাখিবলৈ যিয়েই দেৱাল নিৰ্মাণ কৰে তেওঁ “খ্ৰীষ্টান হব নোৱাৰে।”