তিব্বতত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰণি; ৩০ জনতকৈ অধিক লোকৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
মঙলবাৰে পুৱা নেপাল সীমান্তৰ সমীপত তিব্বতত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি যায়। এই ভূমিকম্পৰ ফলত ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হয়। এঘণ্টাৰ ভিতৰতে ছটাকৈ ভূমিকম্পই জোকাৰি যায় তিব্বত। নেপাল, ভূটানকে ধৰি ভাৰতৰ বিহাৰ, পশ্চিম বংগ, অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কেইবাটাও স্থানত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।  
 
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, তিব্বত অঞ্চলত এই ভূমিকম্পত কমেও ৩৬ জন লোকৰ মৃত্যু হৈছে। চীনৰ ছিনহুয়া সংবাদ সংস্থাই ৩২ জন লোকৰ মৃত্যু আৰু ৩৮ জন লোক আহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি পশ্চিম চীনত ৯ জন লোকৰ মৃত্যু হৈছে।  
নেপাল ভূতাত্ত্বিকভাৱে সক্ৰিয় অঞ্চলত অৱস্থিত, য’ত ভাৰত আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সংঘৰ্ষ হয়, যাৰ ফলত হিমালয় গঠন হয় আৰু ভূমিকম্প সঘনাই হোৱা দেখা যায়। ২০১৫ চনত নেপালত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ডেৰ লাখতকৈ অধিক ঘৰ ধ্বংস হোৱাৰ ফলত প্ৰায় ৯ হাজাৰ লোকৰ মৃত্যু হৈছিল আৰু ২২ হাজাৰৰো অধিক লোক আহত হৈছিল। 
 
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি পুৱা ৬:৩৫ বজাত এই ভূমিকম্পৰ ৰেকৰ্ড কৰা হয়। এনচিএছৰ তথ্য অনুসৰি প্ৰথমটোৰ কিছু সময়ৰ পিছতে এই অঞ্চলত আৰু দুটাকৈ ভূমিকম্প সংঘটিত হৈছে। ৪.৭ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্পই পুৱা ৭:০২ বজাত ১০ কিলোমিটাৰ গভীৰতাত আৰু তৃতীয়টো ৪.৯ প্ৰাবল্যৰ ভূমিকম্প ৩০ কিলোমিটাৰ গভীৰতাত পুৱা ৭:০৭ বজাত সংঘটিত হয়।
 
বিশেষকৈ বিহাৰত এই জোকাৰণি অনুভৱ কৰা হৈছিল আৰু মানুহবোৰ ঘৰ আৰু এপাৰ্টমেণ্টৰ বাহিৰলৈ উলাই অহা দেখা গৈছিল। ভূমিকম্পৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।