নতুন দিল্লী
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু আৰু দেশখনৰ প্ৰথম মহিলা চাজিদা মহম্মদক উষ্ম আদৰণি জনায়। তেওঁ কয়, “আজি ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু আৰু প্ৰথম মহিলা চাজিদা মহম্মদক আদৰণি জনোৱাটো আমাৰ বাবে এক সন্মানৰ বিষয় । ভাৰত আৰু মালদ্বীপ কেৱল ভূগোলৰ দ্বাৰা নহয়, আমাৰ গণতন্ত্ৰৰ মূল্যবোধৰ দ্বাৰাও জড়িত। আমি ইজনে সিজনৰ সফলতা উদযাপন কৰিছো আৰু প্ৰয়োজনৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিছো।’
এই সময়ছোৱাত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে কয় “আমাৰ বন্ধুত্ব শতিকা পুৰণি সামুদ্ৰিক সম্পৰ্ক, বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ ওপৰত আধাৰিত। তেওঁ কয় যে বাণিজ্য, স্বাস্থ্যসেৱা, শিক্ষা আৰু পৰ্যটনৰ বাবে ভাৰত বহুতো মালদ্বীপবাসীৰ বাবে দ্বিতীয় ঘৰ ।“ ৰাষ্ট্ৰপতি মুইজজুৰ বিবৃতিয়ে মালদ্বীপ আৰু ভাৰতৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ গভীৰতা প্ৰতিফলিত কৰে, যি দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ । ভাৰত ভ্ৰমণকালত ৰাষ্ট্ৰপতি মুইজোৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে অহা বছৰ মুইজুৰ আমন্ত্ৰণত মালদ্বীপ ভ্ৰমণ কৰিব।
ইফালে বৈদেশিক সচিব মিছৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুৰ পৰা অহা বছৰ মালে ভ্ৰমণ কৰাৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ তাৰিখ কূটনৈতিক মাধ্যমৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব । ৰাষ্ট্ৰপতি মুইজুৱে তেওঁক আৰু মালদ্বীপৰ প্ৰতিনিধি দললৈ আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয় যে এই ভ্ৰমণৰ সময়ত হোৱা বাৰ্তালাপ আৰু ফলাফলে অনাগত বছৰবোৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব আৰু অনাগত বছৰবোৰত অঞ্চলটোৱে সন্মুখীন হ’ব পৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাটো অধিক প্ৰাসংগিক কৰি তুলিব।