আজাৰবাইজানৰ বিমান দুর্ঘটনাৰ বাবে ক্ষমা প্রার্থনা ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ

Story by  atv | Posted by  Munni Begum • 4 d ago
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
 
মস্কো
 
ৰাছিয়াৰ আকাশমার্গত আজাৰবাইজানৰ যাত্রীবাহী বিমান দুর্ঘটনাত পতিত হোৱা ঘটনাৰ বাবে দেশখনৰ ওচৰত ক্ষমা প্রার্থনা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। 
 
বুধবাৰে আজাৰবাইজানৰ জে-২-৮২৪৩ নম্বৰৰ বিমানখন দুর্ঘটনাত পতিত হোৱাত বিমানখনৰ ৩৮ যাত্রী নিহত হৈছিল, প্ৰাণৰক্ষা পৰিছিল আন ২৯ যাত্ৰীৰ। পশ্চিমীয়া বহু ৰাষ্ট্ৰৰ অভিযোগমতে, গ্ৰজনী অভিমুখী এই বিমানখন ধ্বংসপ্রাপ্ত হৈছিল ৰুছ ক্ষেপণাস্ত্ৰৰ আঘাতত। 
 
অৱশ্যে, আজাৰবাইজানৰ ৰাষ্ট্ৰপতিলৈ লিখা ক্ষমা প্রার্থনা পত্ৰখনত ৰাষ্ট্ৰপতি পুটিনে বিমান ধ্বংসৰ দায়িত্ব স্বীকাৰ কৰা নাই। তাৰ সলনি ৰাষ্ট্ৰপতি পুটিনৰ বিবৃতিটোত কোৱা হৈছে বিমানখন ধ্বংসপ্রাপ্ত হোৱাৰ সময়ত গ্ৰজনী, মজডক আৰু ভাদিকাভকাজত ইউক্রেইনে ড্রোনেৰে আক্রমণ চলাই আছিল আৰু ৰাছিয়াই প্রতিহত কৰিছিল। 
 
এই দুৰ্ঘটনাৰ পাচতে ৰাছিয়ালৈ বিমান চলাচল বন্ধ ঘোষণা কৰিছিল আজাৰবাইজান, সংযুক্ত আৰব আমিৰ শ্বাহী প্রমুখো কেইবাখনো ৰাষ্ট্ৰই।


শেহতীয়া খবৰ