ইউক্ৰেইনত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM) নিক্ষেপ ৰাছিয়াৰ

Story by  atv | Posted by  [email protected] • 6 h ago
আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল
আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল
 
মস্কো

ভ্লাদিমিৰ পুটিনে মস্কোৰ পাৰমাণৱিক মতবাদ সলনি কৰাৰ এদিন পিছতে ৰাছিয়াই ইউক্ৰেইনত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল বা আইচিবিএম নিক্ষেপ কৰিছে। গতানুগতিক (non-nuclear) ৱাৰহেডেৰে আইচিবিএমৰ গুলীচালনাৰে মস্কোই ইউক্ৰেইন আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰ দেশসমূহক কঠোৰ সতৰ্কবাণী দিব বিচাৰিছে যে মস্কোৰ ৰেড লাইনক সকলোৱে সন্মান কৰিব লাগিব।
 
জনপ্ৰিয়ভাৱে আইচিবিএম বুলি কোৱা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (Inter-Continental Ballistic Missiles) পৰম্পৰাগতভাৱে পাৰমাণৱিক ৱাৰহেড কঢ়িয়াব পৰাকৈ ডিজাইন কৰা হয়। অৱশ্যে ইয়াক প্ৰচলিত ৱাৰহেডৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। আইচিবিএমৰ আঁৰৰ ধাৰণা, প্ৰযুক্তি, ডিজাইন আৰু গৱেষণাই পাৰমাণৱিক পৰিঘটনাত এখন দেশৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখে।
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ইউক্ৰেইনক ৰাছিয়াৰ ভূখণ্ডৰ গভীৰতালৈ লক্ষ্য কৰি পশ্চিমীয়া দীৰ্ঘ দূৰত্বৰ ক্ৰুজ আৰু বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ কিছুদিন পিছতে মস্কোই আজি তীব্ৰ সঁহাৰি দিছে। ৱাশ্বিংটন আৰু লণ্ডনৰ পৰা সেই অনুমোদন পোৱাৰ কেইঘণ্টামানৰ ভিতৰতে কিয়েভে ৰাছিয়াৰ ভূখণ্ডক লক্ষ্য কৰি আমেৰিকাত নিৰ্মিত এ টি এ চি এম এছ মিছাইল আৰু ব্ৰিটেইনত নিৰ্মিত ‘ষ্টৰ্ম শ্বেড’’ মিছাইল নিক্ষেপ কৰে।
বুধবাৰে ১০০০ সংখ্যক দিনত ভৰি দিয়া যুদ্ধত দুয়োপক্ষই বৃহৎ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে মস্কোৱে আইচিবিএমৰ জৰিয়তে প্ৰথমবাৰৰ বাবে গুলীচালনা কৰে বুলি কিয়েভে প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ বায়ুসেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে আজি পুৱা ইউক্ৰেইনৰ মধ্যৱৰ্তী চহৰ ডিপ্ৰ’ত ৰাছিয়াৰ বাহিনীয়ে বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইয়াৰ লক্ষ্য আছিল ইউক্ৰেইনৰ আন্তঃগাঁথনি পংগু কৰা।