নতুন দিল্লী
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ড'নাল্ড ট্রাম্পৰ অহা ২০ জানুৱাৰীৰ শপতগ্রহণ অনুষ্ঠানত ভাৰত চৰকাৰৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব বিদেশ মন্ত্রী এছ জয়শংকৰে।
দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ এটা বিবৃতিত এই কথা প্রকাশ। এই ভ্রমণকালতে এছ জয়শংকৰে ট্রাম্প প্ৰশাসনৰ প্ৰতিনিধি আৰু অন্যান্য বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰিব। দেশখনৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ট্রাম্পে শপত ল'ব।
অনুষ্ঠানত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেটান্যাহু, আর্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ো অংশ ল'ব।