ব্যতিক্ৰমী গোলকীয় প্ৰতিভাক নাগৰিকত্ব প্ৰদান চৌদি আৰবৰ

Story by  atv | Posted by  Munni Begum • 2 Months ago
ওপৰৰ বাওঁফালৰ পৰা- নিবীন খাছাব, নোৰেদ্দিন গাফফৰ, মেহমুদ খান আৰু জেকি  য়ি ৰু য়িং।
ওপৰৰ বাওঁফালৰ পৰা- নিবীন খাছাব, নোৰেদ্দিন গাফফৰ, মেহমুদ খান আৰু জেকি য়ি ৰু য়িং।
 
ৰিয়াদ
 
ছৌদি আৰবে কেইবাগৰাকীও বিজ্ঞানী, চিকিৎসক, গৱেষক, উদ্ভাৱক, উদ্যোগী, প্ৰতিভাৱান ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰিছে। 
 
ছৌদি প্ৰেছ এজেন্সীয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ৪ জুলাই বৃহস্পতিবাৰে জাৰি কৰা চৌদি আৰৱৰ ৰাজকীয় আদেশই ধৰ্মীয়, চিকিৎসা, বৈজ্ঞানিক, সাংস্কৃতিক, ক্ৰীড়া আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞ আৰু প্ৰতিভাশালী ব্যক্তিসকলক নাগৰিকত্ব প্ৰদান কৰে, যাতে দেশখনৰ গুৰুত্বপূৰ্ণ খণ্ডবোৰত বিকাশ আৰু উদ্ভাৱন বৃদ্ধি কৰিব পৰা যায়।  
 
লেবাননৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী নিবীন খাছাব
 
বৃহস্পতিবাৰে ৰাজকীয় অনুমোদনখন জাৰি কৰাৰ পিছতে ছৌদি আৰৱৰ নাগৰিকত্ব প্ৰদান কৰা নামৰ তালিকাখন আৰবী দৈনিক আশ্বাৰক আল-আউছাতে লাভ কৰা বুলি জানিবলৈ দিয়ে।   
 
তালিকাখনত সন্নিৱিষ্ট নামসমূহৰ ভিতৰত আছে, স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদানৰ বাবে স্বীকৃতিপ্ৰাপ্ত হেভলিউচন ফাউণ্ডেশ্যনৰ আমেৰিকান চিইঅ’ মেহমুদ খান। নেন’টেকন’লজীৰ বিজ্ঞানী ছিংগাপুৰৰ-আমেৰিকান জেকী য়ি ৰু য়িং। জৈৱ অভিযান্ত্ৰিক আৰু নেন’পদাৰ্থৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিখ্যাত লেবাননৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী নিবীন খাছাব। ডিচেলাইনেচন প্ৰযুক্তি আৰু পৰিৱেশ বিজ্ঞানৰ বিশেষজ্ঞ তথা কাউষ্টৰ (KAUST) অধ্যাপক ফৰাচী বিজ্ঞানী নোৰেদ্দিন গাফফৰ। তেওঁ মেমব্ৰেন পৃথকীকৰণ কৌশলত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে। 
 
ফৰাচী বিজ্ঞানী নোৰেদ্দিন গাফ্‌ফৰ
 
ৰাষ্ট্ৰখনৰ ভিজন ২০৩০ৰ সৈতে সংগতি ৰাখি মানৱ পুঁজিত বিনিয়োগ, বিশিষ্ট আৰু সৃষ্টিশীল ব্যক্তিক আকৰ্ষণ কৰাৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপটো গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে বিশিষ্ট বিশেষজ্ঞ আৰু বিৰল প্ৰতিভাসম্পন্ন ব্যক্তিসকলক আকৰ্ষণ কৰি দেশৰ অৰ্থনৈতিক, স্বাস্থ্য, সাংস্কৃতিক, ক্ৰীড়া, আৰু উদ্ভাৱন খণ্ডত বিকাশ বৃদ্ধি কৰা।  
 
উল্লেখযোগ্য যে ২০২১ চনৰ ডিচেম্বৰ মাহত ছৌদি চৰকাৰে একেধৰণৰ পদক্ষেপত অনুমোদন জনাইছিল আৰু সেই অনুমোদন অনুসৰিয়ে কেইবাজনো বিশিষ্ট ব্যক্তিক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নাগৰিকত্ব প্ৰদান কৰা হৈছে।