নতুন দিল্লী
চৌদি আৰৱে ভাৰতীয় হজযাত্ৰী আৰু ব্যক্তিগত হজযাত্ৰীৰ ৮০ হজ কোটা কৰ্তন কৰাকলৈ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফটিয়ে চৌদি আৰৱৰ এই কাৰ্যত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক তৎক্ষণাত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।
মুফতীয়ে কয় যে হঠাৎ এই সিদ্ধান্তই হজযাত্ৰী আৰু ট্যুৰ অপাৰেটৰসকলৰ বাবে দুখৰ সৃষ্টি কৰিছে আৰু ইয়াক ‘বিৰক্তিকৰ খবৰ’ বুলি অভিহিত কৰিছে।
১৩ এপ্ৰিল দেওবাৰে এক্সত প্ৰকাশ কৰা এটা পোষ্টত মুফতিয়ে কয় যে, ‘চৌদি আৰৱৰ পৰা অহা বিৰক্তিকৰ খবৰ। জানিব পৰা মতে ভাৰতৰ ব্যক্তিগত হজ কোটাৰ ৮০% হঠাতে কৰ্তন কৰা হৈছে।
“এই হঠাৎ লোৱা সিদ্ধান্তই সমগ্ৰ দেশৰ তীৰ্থযাত্ৰী আৰু ট্যুৰ অপাৰেটৰসকলৰ বাবে অপৰিসীম দুখৰ সৃষ্টি কৰিছে, তেওঁ কয় "বিদেশ মন্ত্ৰালয়ে এই বিষয়টোৰ ওপৰত চৌদি চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ তৎকালীনভাৱে সমাধানৰ পথ উলিয়াব লাগে।”
ভাৰতীয় হজযাত্ৰী
কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক চৌদিয়ে লোৱা এই সিদ্ধান্তৰ ফলত ক্ষতিগ্ৰস্ত তীৰ্থযাত্ৰীৰ স্বাৰ্থত এটা প্ৰস্তাৱৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে।
আব্দুল্লাই কয় যে “৫২ হাজাৰতকৈ অধিক ভাৰতীয় হজযাত্ৰীৰ হজৰ স্লট বাতিল কৰাটো গভীৰভাৱে চিন্তনীয়।”
আব্দুল্লাই নিজৰ অফিচিয়েল হেণ্ডেলৰ পৰা এক্সত লিখিছে যে এই বছৰ পবিত্ৰ হজযাত্ৰা সম্পূৰ্ণ কৰাৰ আশা কৰি থকা হাজাৰ হাজাৰ লোকৰ দুৰ্দশা লাঘৱ কৰিবলৈ এই শীঘ্ৰেই ব্যৱস্থা হাতত ল'ব লাগে। এই বছৰ ছৌদি আৰবলৈ যোৱা ব্যক্তিগত হজযাত্ৰীৰ সঠিক সংখ্যা পৰীক্ষা কৰিব পৰা নাই লাইভমিণ্টে।
পবিত্ৰ হজ হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ছৌদি আৰৱৰ পবিত্ৰতম চহৰ দুখন মক্কা আৰু মদীনালৈ বাৰ্ষিক ধৰ্মীয় যাত্ৰা। ঈদ-উল-আধাৰ সময়ত সমগ্ৰ বিশ্বৰ পৰাই আৰ্থিক ভাৱে সম্বল ইছলাম ধৰ্মাৱলম্বীসকলে হজযাত্ৰা কৰিবলৈ যায়।
শেহতীয়াকৈ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় ৫২,০০০ ভাৰতীয় হজযাত্ৰীৰ ভাগ্য অনিশ্চিত, কাৰণ চৌদি আৰবে মিনা চহৰৰ জ’নসমূহ বাতিল কৰিছে যিবোৰ পূৰ্বে ব্যক্তিগত ট্যুৰ অপাৰেটৰক আবণ্টন দিয়া হৈছিল।
ইছলামিক কেলেণ্ডাৰৰ ১২ সংখ্যক মাহ জিল-হজ আৰম্ভ হোৱা চন্দ্ৰটো দেখাৰ ওপৰত নিৰ্ভৰ কৰি এইবাৰ হজ ৪ জুনৰ পৰা ৯ জুন, ২০২৫লৈ হজ হোৱাৰ সম্ভাৱনা আছে। তীৰ্থযাত্ৰীসকলে এপ্ৰিল মাহৰ শেষৰ পৰাই চৌদি আৰৱলৈ যাত্ৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবে হজ যাত্ৰা হয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা বিধিগত সংস্থা ভাৰতীয় হজ কমিটি (HCoI)ৰ জৰিয়তে নহয় হজ গ্ৰুপ অৰ্গেনাইজাৰ (HGO) বুলিও জনাজাত ব্যক্তিগত ট্যুৰ অপাৰেটৰ (PTO)ৰ জৰিয়তে কৰা হয়।
হজযাত্ৰাত দোৱা কৰি থকা মুহূৰ্তত এগৰাকী হজযাত্ৰী
ভাৰত চৰকাৰৰ সংখ্যা অনুসৰি ২০২৪ চনত প্ৰায় ১ লাখ ৪০ হাজাৰ ভাৰতীয়ই হজলৈ আগবাঢ়িছিল।
২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতে ছৌদি আৰৱৰ সৈতে হাজ চুক্তি স্বাক্ষৰ কৰি নিজৰ বাবে ১,৭৫,০২৫ গৰাকী তীৰ্থযাত্ৰীৰ কোটা চূড়ান্ত কৰে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে জেদ্দাত চৌদি আৰৱৰ হজ মন্ত্ৰী আৰু উমৰা তৌফিক বিন ফাউজান আল ৰবিয়াৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে।
জানুৱাৰী মাহত এক্সৰ ওপৰত এটা পোষ্টত ৰিজিজুৱে কয় যে, "চৌদি আৰৱৰ কিণ্ডমৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল-ৰবিয়াহৰ সৈতে হজ চুক্তি ২০২৫ স্বাক্ষৰিত। ২০২৫ চনৰ হজলৈ ভাৰতৰ পৰা ১,৭৫,০২৫ জন হজযাত্ৰীৰ কোটা চূড়ান্ত কৰা হৈছে। আমি আমাৰ সকলো হজজ হজযাত্ৰীক সম্ভৱপৰ উত্তম সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"
জানুৱাৰী মাহত ৰাজ্যসভাত হোৱা এক প্ৰশ্নৰ লিখিত উত্তৰত ৰিজিজুৱে কয় যে ২০২৫ চনৰ বাবে এইচ চি অ’ আই আৰু এইচ জি অ’ৰ মাজত একে পৰিসৰৰ ভিতৰত কোটা বিতৰণ কৰা হৈছে, ৭০:৩০ অনুপাতত, যিটো ২০২৪ চনৰ ৫ আগষ্টত জাৰি কৰা হজ নীতি-২০২৫ৰ ভিত্তিত জনোৱা হৈছে।
হজ ২০২৫ৰ বাবে এইচ জি অ’লৈ আবণ্টিত হজ তীৰ্থযাত্ৰীৰ কোটা ভাৰতৰ মুঠ ১,৭৫,০২৫ অৰ্থাৎ ৫২,৫০৭ জনৰ কোটা ৩০ শতাংশ বুলি ৰিজিজুৱে কয়। তেওঁ লগতে কয় যে যোৱা পাঁচ বছৰত এইচ চি অ’ আই আৰু এইচ জি অ’ৰ মাজত কোটা বিতৰণৰ পৰিমাণ ৭০:৩০ৰ পৰা ৮০:২০ৰ ভিতৰত ভিন্ন হৈছে।
চৌদি আৰবে এই বছৰজুৰি হজৰ সময়ত ভিৰ নিয়ন্ত্ৰণৰ বহু ব্যৱস্থা গ্ৰহণ কৰিছে। বাতৰি অনুসৰি ৰাজ্যখনে নতুন ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিছে, বাংলাদেশ, পাকিস্তান আৰু ভাৰতকে ধৰি ১৪খন দেশৰ লোকক কিছুমান ভিছা প্ৰদান বন্ধ কৰি দিছে।
অৱশ্যে এই নিলম্বনৰ কোনো প্ৰভাৱ নপৰে ভাৰতৰ পৰা ছৌদি আৰবলৈ কঠোৰভাৱে হজলৈ যোৱা আৰু হজ ভিছা লাভ কৰা তীৰ্থযাত্ৰীসকল। এই নিলম্বনে বিশেষভাৱে অন্যান্য ভিছা শিতানসমূহক লক্ষ্য কৰি লৈছে যাতে অকৰ্তৃত্বশীল ব্যক্তিয়ে সঠিক পঞ্জীয়ন অবিহনে হজ পালন কৰিব নোৱাৰে আৰু অতিমাত্ৰা ভিৰ নহয়।
ইছলামিক কেলেণ্ডাৰৰ ১২ সংখ্যক মাহ জিল-হজ আৰম্ভ হোৱা চন্দ্ৰ দেখাৰ ওপৰত নিৰ্ভৰ কৰি এইবাৰ ৪ জুনৰ পৰা ৯ জুনলৈ হজ হোৱাৰ সম্ভাৱনা আছে। হজযাত্ৰীসকলে এপ্ৰিল মাহৰ শেষৰ পৰাই চৌদি আৰৱলৈ যাত্ৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
ভাৰতীয় হজযাত্ৰীসকলৰ বাবে হজ যাত্ৰা হয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা বিধিগত সংস্থা ভাৰতীয় হজ কমিটি (HCoI)ৰ জৰিয়তে। আনহাতে হজ গ্ৰুপ অৰ্গেনাইজাৰ (HGO) বুলিও জনাজাত ব্যক্তিগত ট্যুৰ অপাৰেটৰ (PTO)ৰ জৰিয়তে কৰা হয়।
ভাৰত চৰকাৰৰ সংখ্যা অনুসৰি ২০২৪ চনত প্ৰায় ১ লাখ ৪০ হাজাৰ ভাৰতীয়ই হজযাত্ৰাৰ বাবে ৰাওনা হৈছিল।
২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতে ছৌদি আৰৱৰ সৈতে হজ চুক্তি স্বাক্ষৰ কৰি নিজৰ বাবে ১,৭৫,০২৫ গৰাকী হজযাত্ৰীৰ কোটা চূড়ান্ত কৰে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে জেদ্দাত ছৌদি আৰৱৰ হজ মন্ত্ৰী আৰু উমৰা তৌফিক বিন ফাউজান আল ৰবিয়াৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰে।
জানুৱাৰী মাহত এক্সত ৰিজিজুৱে লিখিছিল যে, "চৌদি আৰৱৰ কিণ্ডমৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল-ৰবিয়াহৰ সৈতে হজ চুক্তি ২০২৫ স্বাক্ষৰিত হয়। ২০২৫ চনৰ হজলৈ ভাৰতৰ পৰা ১,৭৫,০২৫ জন হজযাত্ৰীৰ কোটা চূড়ান্ত কৰা হৈছে। আমি আমাৰ সকলো হজযাত্ৰীক সম্ভৱপৰ উত্তম সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"
জানুৱাৰী মাহত ৰাজ্যসভাত হোৱা এক প্ৰশ্নৰ লিখিত উত্তৰত ৰিজিজুৱে কয় যে ২০২৫ চনৰ বাবে এইচ চি অ’ আই আৰু এইচ জি অ’ৰ মাজত একে পৰিসৰৰ ভিতৰত কোটা বিতৰণ কৰা হৈছে, ৭০:৩০ অনুপাতত, যিটো ২০২৪ চনৰ ৫ আগষ্টত জাৰি কৰা হজ নীতি-২০২৫ৰ ভিত্তিত জনোৱা হৈছে।
হজ ২০২৫ৰ বাবে এইচ জি অ’লৈ আবণ্টিত হজযাত্ৰীৰ কোটা ভাৰতৰ মুঠ ১,৭৫,০২৫ অৰ্থাৎ ৫২,৫০৭ জনৰ কোটা ৩০ শতাংশ বুলি ৰিজিজুৱে কয়। তেওঁ লগতে কয় যে যোৱা পাঁচ বছৰত এইচ চি অ’ আই আৰু এইচ জি অ’ৰ মাজত কোটা বিতৰণৰ পৰিমাণ ৭০:৩০ৰ পৰা ৮০:২০ৰ ভিতৰত হৈছে।
ছৌদি আৰবে এই বছৰজুৰি হজৰ সময়ত ভিৰ নিয়ন্ত্ৰণৰ বহু ব্যৱস্থা গ্ৰহণ কৰিছে। বাতৰি অনুসৰি ৰাজ্যখনে নতুন ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিছে, বাংলাদেশ, পাকিস্তান আৰু ভাৰতকে ধৰি ১৪ খন দেশৰ লোকক কিছুমান ভিছা প্ৰদান বন্ধ কৰি দিছে।
অৱশ্যে এই নিলম্বনৰ বাবে ভাৰতৰ পৰা ছৌদি আৰবলৈ কঠোৰভাৱে হজলৈ যোৱা আৰু হজ ভিছা লাভ কৰা হজযাত্ৰীসকলৰ ওপৰত কোনো প্ৰভাৱ নপৰে। এই নিলম্বনে বিশেষভাৱে অন্যান্য ভিছা শিতানসমূহক লক্ষ্য কৰি লৈছে যাতে অকৰ্তৃত্বশীল ব্যক্তিয়ে সঠিক পঞ্জীয়ন অবিহনে হজ পালন কৰিব নোৱাৰে আৰু অতিমাত্ৰা ভিৰ নহয়।
আন এক প্ৰতিবেদন অনুসৰি তেলেংগানাৰ ১২ বছৰৰ তলৰ ৩৭ টা শিশুৰ হজ আবেদন বাতিল কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, তেওঁলোকে দিয়া ধন সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হ’ব।কাৰণ ১২ বছৰৰ তলৰ শিশুক হজ যাত্ৰাত অনুমতি দিয়া নহয়।