লিডছৰ হেৰহিলছত 'গুৰুতৰ বিশৃংখল পৰিস্থিতি' সৃষ্টি

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
লিডছ
 
এক প্ৰতিবেদন অনুসৰি ব্ৰিটেইনৰ লিডছৰ হেৰহিলছত বৃহস্পতিবাৰে হিংসাত্মক সৃষ্টি হয়। সংঘৰ্ষকাৰীসকলে এখন বাছ জ্বলাই দিয়াৰ উপৰিও আৰক্ষীৰ এখন বাহনৰ খিৰিকী ভাঙি বগৰাই পেলাই দিয়ে।
 
হেৰহিলছ এলেকাত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত সম্পত্তিৰ ক্ষতিসাধন হয়, যদিও এতিয়ালৈ কোনো লোক আহত হোৱাৰ খবৰ পোৱা হোৱা নাই। পশ্চিম ইয়ৰ্কশ্বায়ৰ আৰক্ষীয়ে বৰ্ণনা কৰা অনুসৰি সন্ধিয়া ৫ বজাত লাক্সৰ ষ্ট্ৰীটত 'গুৰুতৰ বিশৃংখল পৰিস্থিতি' সৃষ্টি হৈছিল। য'ত শিশু আৰু এজেন্সীৰ কৰ্মীসকলৰ সৈতে জড়িত অশান্তিৰ (disturbance) পৰিস্থিতিৰ তদন্তৰ বাবে বিষয়াসকলক মাতি অনাৰ পিছত এই সংঘৰ্ষ সংঘটিত হৈছিল। 
 
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। পশ্চিম ইয়ৰ্কশ্বায়ৰ আৰক্ষীয়েও এখন জাননী প্ৰেৰণ কৰিছিল য’ত লিখা আছে, "আমি বাসিন্দাসকলক এই বিশৃংখলতাৰ কাৰণৰ ওপৰত জল্পনা-কল্পনা নকৰিবলৈ সতৰ্ক কৰিছো। কিয়নো আমি বিশ্বাস কৰোঁ যে এটা সৰু অপৰাধীৰ গোটে সম্প্ৰদায়ৰ সম্পৰ্ক বিঘ্নিত কৰাৰ উদ্দেশ্যেৰে এই সংঘৰ্ষ সংঘটিত কৰিছিল।" 
 
গৃহ সচিব তথা পশ্চিম ইয়ৰ্কশ্বায়ৰৰ সাংসদ ইভেট কুপাৰে লিডছৰ সংঘৰ্ষ সন্দৰ্ভত মাত মাতি কয় যে তেওঁ "এই আচৰিত দৃশ্যটো দেখি আতংকিত হৈ পৰিছে।"