নতুন দিল্লী
জাৰ্মানীত বৰদিনৰ বজাৰ সংঘটিত হোৱা আক্ৰমণত ৭ জন ভাৰতীয় আহত হোৱা বুলি দেওবাৰে এক সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰে তিনিজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে বুলি উল্লেখ কৰি ভাৰতীয় দূতাবাসে কয় যে, আহত আটাইকেইজন ভাৰতীয়ৰ সৈতে তেওঁলোকে যোগাযোগত আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, জাৰ্মানীৰ মেগডেবাৰ্গৰ বৰদিনৰ বজাৰত সংঘটিত হোৱা ভয়ানক আৰু অৰ্থহীন আক্ৰমণক ভাৰতে গৰিহণা দিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, "এই ভয়ংকৰ আক্ৰমণত কেইবাটাও বহুমূলীয়া জীৱন হেৰুৱাইছে আৰু বহু লোক আহত হৈছে। আমাৰ চিন্তা আৰু প্ৰাৰ্থনা ভুক্তভোগীৰ সৈতে আছে। আমাৰ মিছনে আঘাতপ্ৰাপ্ত ভাৰতীয়সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সংস্পৰ্শত আছে আৰু সকলো সম্ভাৱ্য সহায় আগবঢ়াই আছে।"
জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে খ্ৰীষ্টমাছৰ কিছুদিন পূৰ্বে বাৰ্লিনৰ বৰদিনৰ বজাৰ এখনত এজন জেহাদীয়ে ট্ৰাক চলোৱাৰ আঠ বছৰৰ পাছত দেশখনক স্তম্ভিত কৰা এই শেহতীয়া “ভয়ংকৰ, উন্মাদ” আক্ৰমণক গৰিহণা দিছে।
শনিবাৰে সংবাদ সংস্থা বাতৰি অনুসৰি এই ভয়ংকৰ আক্ৰমণৰ সন্দেহযুক্ত ব্যক্তিজনে ছৌদি আৰব আৰু ইছলাম বিৰোধী মতামত দৃঢ়তাৰে ৰাখিছিল আৰু জাৰ্মানীৰ প্ৰব্ৰজনকাৰী নীতিৰ ওপৰত ক্ষুব্ধ আছিল।
শুকুৰবাৰে অভিযুক্ত তালেব আল আব্দুলমোহচেনে ভিৰৰ মাজেৰে তীব্ৰ বেগত এখন এছ ইউ ভি চলাই পূবৰ মেগডেবাৰ্গ চহৰতো ২০৫ জন লোকক আঘাতপ্ৰাপ্ত কৰিছিল।
এই গণহত্যাত মৃত্যু হোৱা লোকৰ ভিতৰত এটি ৯ বছৰীয়া শিশুও আছিল। মৃত্যু হোৱা লোকসকলৰ ১৫ খন আঞ্চলিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। আনহাতে ভুক্তভোগীসকলৰ প্ৰতি সন্মান জনাই দেশখনত বছৰটোৰ বাবে বৰদিনৰ অনুষ্ঠানটো বাতিল কৰা হৈছে।