নতুন দিল্লী
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দেশলৈ ঘূৰাই অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে । ছাত্র আন্দোলনত হোৱা মৃত্যুৰ অভিযোগক লৈ বাংলাদেশলৈ অনা হ’ব প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাক ৷ ইয়াৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰে ইন্টাৰপলৰ সহায় ল’ব বুলি বাতৰিত প্ৰকাশ পাইছে।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ নেতৃত্বাধীন ব্যাপক বিদ্ৰোহৰ মাজতে যোৱা ৫ আগষ্টত ভাৰতলৈ পলায়ন কৰিছিল। এই সময়ছোৱাত সংঘটিত হোৱা প্ৰতিবাদত বহু লোক আহত লগতে নিহত হৈছিল। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ তথ্য অনুসৰি প্ৰতিবাদৰ সময়ত কমেও ৭৫৩ জন লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হয়।
এই গোচৰত হাছিনা আৰু তেওঁৰ দলৰ নেতাসকলৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ ৬০ৰো অধিক অভিযোগ দাখিল কৰা হৈছে। খবৰ অনুসৰি শ্বেখ হাছিনাৰ বিৰুদ্ধে ২২৫টা গোচৰ ৰুজু হৈছে, য’ত ১৯৪টা হত্যাকাণ্ড, ১৬টা মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ গোচৰ, ৩টা অপহৰণ, ১১টা হত্যাৰ চেষ্টা আৰু এটা ‘বাংলাদেশ নেচনেলিষ্ট পাৰ্টি’ৰ এটা ৰেলীৰ আক্ৰমণ সম্পৰ্কীয় এটা গোচৰ আছে।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী পৰিক্ৰমা উপদেষ্টা আছিফ নাজৰুলে কয় যে অতি শীঘ্ৰে ইণ্টাৰপ’লৰ জৰিয়তে ৰেড নটিছ জাৰি কৰা হ’ব । এই ফেচিষ্টসকলে পৃথিৱীৰ যি ঠাইতে লুকাই নাথাকক কিয়, তেওঁলোকক ঘূৰাই আনি আদালতত জবাবদিহি কৰা হ’ব । উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত থকা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ (আই চি টি)ত সংস্কাৰৰ অৱস্থা পৰিদৰ্শন কৰি হাছিনা আৰু তেওঁৰ কেবিনেট সহযোগী আৰু আৱামি লীগৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে বিশেষ ন্যায়াধিকৰণত বিচাৰ হ’ব বুলি জানিবলৈ দিয়ে তেওঁ । ১৭ অক্টোবৰত ন্যায়াধিকৰণে হাছিনা আৰু আন ৪৫ জনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল । ইয়াৰ ভিতৰত আছে তেওঁৰ পুত্ৰ সজীব ৱাজেদ জয়ৰ লগতে তেওঁৰ প্ৰাক্তন কেবিনেটৰ কেইবাজনো সদস্য।
বিষয়াসকলে কয় যে ৰেড নটিছ আন্তঃৰাষ্ট্ৰীয় গ্ৰেপ্তাৰৰ পৰোৱানা নহয় বৰঞ্চ প্ৰত্যাৰ্পণ, আত্মসমৰ্পণ বা এনে আইনী ব্যৱস্থাৰ পৰা পলায়ন কৰা ব্যক্তিক বিচাৰি উলিয়াবলৈ আৰু সাময়িকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থাসমূহক অনুৰোধ কৰা হৈছে।