ওমানৰ আলী বিন আবি তালিব মছজিদত বন্দুকধাৰীৰ আক্ৰমণ; এজন ভাৰতীয়কে ধৰি ৬জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Months ago
ওমানৰ আলী বিন আবি তালিব মছজিদ
ওমানৰ আলী বিন আবি তালিব মছজিদ
 
মাস্কাট

ওমানৰ ৰাজধানী মাস্কাটৰ আলী বিন আবি তালিব মছজিদত মঙলবাৰে নিশা সংঘটিত এক আক্ৰমণত এজন ভাৰতীয় নাগৰিককে ধৰি মুঠ ৬জন লোক নিহত হৈছে। মাস্কাটত থকা ভাৰতীয় দূতাবাসে হতাহতৰ বিষয়ে অৱগত কৰাৰ লগতে ১৬ জুলাইৰ নিশা বন্দুকৰ আক্ৰমণত আন এজন ভাৰতীয় আহত হোৱা বুলিও উল্লেখ কৰে।
 
এই ঘটনা সন্দৰ্ভত মাস্কাটত থকা ভাৰতীয় দূতাবাসৰ বিবৃতিত লিখিছে, "১৫ জুলাইত মাস্কাট চহৰত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ পিছত ওমানৰ চুলতানেটৰ বৈদেশিক মন্ত্ৰালয়ে অৱগত কৰিছে যে এজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু আন এজন আহত হৈছে। ঘটনাৰ বাবে দূতাবাসে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে আৰু পৰিয়ালসমূহক সকলো সহায় আগবঢ়াবলৈ সাজু হৈছে।"
 
ওমান নিউজ এজেন্সীৰ তথ্য অনুসৰি ঘটনাত তিনিজন আক্ৰমণকাৰী নিহত হৈছে। নিহতসকলৰ ভিতৰত চাৰিজন পাকিস্তানী আৰু এজন আৰক্ষীৰ লোক আছে। ইফালে, আক্ৰমণৰ ঘটনাত আহত হৈছে বিভিন্ন জাতি-জনগোষ্ঠীৰ কমেও ২৮জন লোক।
আহতসকলক চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে আৰু এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে। টাইমছ অৱ ওমানে গুলীচালনাৰ সময়ত প্ৰত্যক্ষদৰ্শীৰ বিৱৰণীত প্ৰকাশ কৰা অনুসৰি মছজিদৰ হলটো শ শ উপাসকৰে ভৰি পৰিছিল আৰু সেই সময়তে দুৰ্বৃত্তৰ গুলীচালনা আৰম্ভ হয়। লগে লগে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে আৰু সকলো লোক ছেদেলি-ভেদেলি হৈ পৰে। 
 
গুলীচালনা এঘণ্টাৰো অধিক সময় ধৰি চলিছিল। মছজিদটোত সেই সময়ত প্ৰায় ৫০০ লোক আছিল। ৰয়েল ওমান আৰক্ষীয়ে নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
 
উল্লেখ্য যে, ওমানত এনে আক্ৰমণ অতি বিৰল। ছিয়া মুছলমানসকলে সপ্তম শতিকাৰ যুদ্ধক্ষেত্ৰত হজৰত মহম্মদৰ নাতি ইমাম হুছেইনৰ শ্বহীদ হোৱাৰ স্মৃতিচাৰণ অনুষ্ঠান হিচাপে মহৰম পালন কৰাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।