ছান ফ্ৰান্সিস্কো
দেওবাৰে আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় আমেৰিকান উদ্যোগী, ভেঞ্চাৰ কেপিটেলিষ্ট তথা লেখক শ্ৰীৰাম কৃষ্ণনক হোৱাইট হাউছৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়ে।
দেওবাৰে কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ ওপৰত কেইবাটাও নিযুক্তি ঘোষণা কৰি ট্ৰাম্পে কয় যে, ‘শ্ৰীৰাম কৃষ্ণনে হোয়াইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে কাম কৰিব। ইয়াৰ পূৰ্বে মাইক্ৰ’ছফ্ট, টুইটাৰ, য়াহু!, ফেচবুক আৰু স্নেপৰ প্ৰডাক্ট টিমৰ নেতৃত্ব দিয়া কৃষ্ণনে এতিয়া ডেভিদ অ’ চেক্সৰ সৈতে কাম কৰিব।
ট্ৰাম্পে কয়, "ডেভিদ চেক্সৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি শ্ৰীৰামে এআইত আমেৰিকাৰ নেতৃত্ব নিশ্চিত কৰাত মনোনিৱেশ কৰিব আৰু ৰাষ্ট্ৰপতিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উপদেষ্টা পৰিষদৰ সৈতে কাম কৰাকে ধৰি সমগ্ৰ চৰকাৰতে এআই নীতি গঢ় দিয়া আৰু সমন্বয় কৰাত সহায় কৰিব। শ্ৰীৰামে মাইক্ৰ’ছফ্টত উইণ্ড’জ এজুৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।"
কৃষ্ণনে কয়, "আমাৰ দেশৰ সেৱা কৰিবলৈ সক্ষম হোৱাত আৰু ডেভিদ চেক্সৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এআইত আমেৰিকাৰ নেতৃত্ব অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ পাই মই সন্মানিত হৈছো।" কৃষ্ণনৰ এই নিযুক্তিক ভাৰতীয় আমেৰিকান সমাজে আদৰণি জনাইছে।
ইণ্ডিয়াস্পোৰাৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ যোশিপুৰাই কয় যে, আমি শ্ৰীৰাম কৃষ্ণনক আন্তৰিকতাৰে অভিনন্দন জনাইছো আৰু নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক হোৱাইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়াত আনন্দিত হৈছো।
তেওঁ কয়, "কেইবছৰ ধৰি শ্ৰীৰাম কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনৰ এজন অন্তৰ্দৃষ্টিসম্পন্ন চিন্তাবিদ আৰু প্ৰভাৱশালী মন্তব্যকাৰী। ৰাজহুৱা নীতি, আন্তঃৰাষ্ট্ৰীয় বিষয়, বিনিয়োগ আৰু প্ৰযুক্তিৰ মিশ্ৰণেৰে তেওঁৰ পূৰ্বৰ কামে তেওঁক ভাল স্থানত থিয় কৰাব, কাৰণ তেওঁ এই গুৰুত্বপূৰ্ণ ভূমিকাত দেশখনলৈ সেৱা আগবঢ়াইছে।"
জোশপুৰাই কয়, "ইণ্ডিয়াস্পোৰাই আমেৰিকা আৰু বিদেশত এআইৰ ওপৰত আমাৰ আহ্বান আৰু চিন্তা নেতৃত্বৰ কাম অব্যাহত ৰখাৰ লগে লগে আমি শ্ৰীৰামৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হ’বলৈ আগ্ৰহী।"