নতুন দিল্লী
অহা নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইতিহাস গঢ়াৰ দিশে অগ্ৰসৰ হৈছে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। ভাৰতীয় মূলৰ কমলা হেৰিছে এইবাৰ ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে।
যদি এয়া সম্ভৱ হয়, তেন্তে ১৮৩৬ চনৰ পিচত আমেৰিকাৰ ইতিহাসত বৰ্তমানৰ উপ- ৰাষ্ট্ৰপতি এগৰাকীয়ে মার্কিন ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰিবলৈ সক্ষম হ'ব। কিয়নো ১৯৮৮ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তদানীন্তন উপ- ৰাষ্ট্ৰপতি জর্জ এইচ ডব্লিউ বুশ্বে বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল।
উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত হোৱাইট হাউছলৈ নির্বাচিত হোৱাৰ চেষ্টা চলাই এতিয়ালৈকে ১৯৬০ চনত বিছার্ড নিক্সন, ১৯৬৮ চনত হামফ্ৰি আৰু ২০০০ চনত অল গ'ৰ ব্যৰ্থ হৈছিল। সেয়েহে কমলা হেৰিছৰ ক্ষেত্ৰত এইবাৰ যথেষ্ট আশা কৰা হৈছে।