পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত; ৮ জন নিৰাপত্তাৰক্ষী মৃত্যু

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
কুৱেটা
 
পাকিস্তানৰ বেলুচিস্তানত এখন যাত্ৰীবাহী ভ্যান আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি এক আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত কমেও ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে, যাৰ অধিকাংশই আছিল নিৰাপত্তাৰক্ষী বিষয়া। 
 
এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মিৰ ফৈদ মজিদ ব্ৰিগেডে। সবিশেষ তথ্য অনুসৰি বেলুচিস্তানৰ তুৰবাটৰ ধং অঞ্চলত সংঘটিত হৈছে এই আত্মঘাতী বোমা বিস্ফোৰণ। এখন যাত্ৰীবাহী ভ্যান আৰু ভ্যানখনৰ কাষতে থকা আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ বাহন এখনক লক্ষ্য কৰি এক বৃহৎ বিস্ফোৰণৰ সংঘটিত হৈছে। 
 
ভ্যানখনত যাত্ৰা কৰা যাত্ৰীসকলৰ অধিকাংশ নিৰাপত্তাৰক্ষী বিষয়া আছিল। আত্মঘাতী বিস্ফোৰণৰ পিছতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে বিস্ফোৰণস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰিছে। উদ্ধাৰকাৰী দলে আহত আৰু নিহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যায় আৰু পিছত তেওঁলোকে হতাহতৰ সংখ্যা নিশ্চিত কৰে আৰু চিকিৎসালয়লৈ অনা অধিকাংশ আহতলোকৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। 
 
বি এল এ কয় যে, "বেলুচ লিবাৰেশ্যন আৰ্মিৰ ফৈদ মজিদ ব্ৰিগেড ফিৰদয়ী (আত্মঘাতী বোমাৰু) ইউনিটে আজি তুৰবাটত দখলদাৰী পাকিস্তানী সেনাৰ কনভয়ৰ ওপৰত ফিদায়িন আক্ৰমণ চলাই কেইবাজনো সামৰিক জোৱানক হত্যা কৰে। আমাৰ সংগঠনে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিছে।" 
 
শেহতীয়াকৈ বেলুচিস্তানত বিএলএৰ দ্বাৰা সামৰিক কনভয়, নিৰাপত্তাৰক্ষী চেকপোষ্ট আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি চলি থকা ধাৰাবাহিক আক্ৰমণৰ অংশ। বিগত সময়ত বিএলএৰ মজিদ ব্ৰিগেডে নিৰাপত্তাৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালক লক্ষ্য কৰি এম্বুছ আক্ৰমণ চলাই আহিছে। পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ বাবে বেলুচিস্তান অন্যতম প্ৰত্যাহ্বানমূলক অঞ্চল হৈয়েই আছে। 
 
শেহতীয়াকৈ পাকিস্তান সশস্ত্ৰ বাহিনীৰ সংবাদ মাধ্যমৰ শাখা আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)ৰ এক প্ৰেছ ব্রিফিঙত প্ৰকাশ পাইছে যে, ২০২৪ চনত সশস্ত্ৰ বাহিনীয়ে কমেও ৫৭,৭৭৫টা সামৰিক অভিযান চলাইছিল, ইয়াৰে অধিকাংশই খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তান প্রদেশত সংঘটিত হৈছিল৷