৭ হাজাৰখন বিলাসী বাহনৰ গৰাকী ব্ৰুনাইৰ সম্ৰাট হাছানাল বলকিয়াই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

Story by  atv | Posted by  Munni Begum • 12 d ago
ব্ৰুনাইৰ সম্ৰাট চুলতান হাছানাল বলকিয়াই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
ব্ৰুনাইৰ সম্ৰাট চুলতান হাছানাল বলকিয়াই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
 
নতুন দিল্লী  
 
ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ পিছতে বিশ্বৰ দ্বিতীয় দীৰ্ঘকালীন ৰাজত্ব কৰা ৰজা চুলতান হাছানাল বলকিয়াৰ আমন্ত্ৰণত আজি ব্ৰুনাইত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দক্ষিণ-পূব এছিয়াৰ দেশখনলৈ কৰা এইটোৱে হৈছে প্ৰথম ভ্ৰমণ। দুদিনীয়া এই ভ্ৰমণৰ লক্ষ্য হৈছে ব্ৰুনাইৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰীয়া স্মৃতি ৰোমন্থৰ কৰা।  
 
চুলতান হাছানাল বলকিয়া তেওঁৰ আকৰ্ষণীয় ধন-সম্পত্তি আৰু অতিৰিক্ত জীৱনশৈলীৰ বাবে বিশ্বজুৰি চৰ্চিত। চুলতান বলকিয়াই বিশ্বৰ সৰ্বাধিক ব্যক্তিগত গাড়ী সংগ্ৰহৰ বাবে গৌৰৱ অনুভৱ কৰে। তেওঁ সংগ্ৰহ কৰা বাহনসমূহৰ মূল্য আনুমানিক $৫ বিলিয়ন। 
 
ব্ৰুনাইৰ সম্ৰাট হাছানাল বলকিয়াৰ মুকলি চাল আৰু ছাতি থকা সোণেৰে আড়ম্বৰপূৰ্ণভাৱে ডিজাইন কৰা ৰ'লছ ৰয়েচ বাহন
 
ব্ৰুনেইৰ তেল আৰু গেছৰ ভাণ্ডাৰৰ পৰা বহুলাংশে আহৰণ কৰা $৩০ বিলিয়নৰ সম্পত্তিৰ সৈতে চুলতানৰ সংগ্ৰহত ৭ হাজাৰতকৈও অধিক বিলাসী বাহন আছে। ইয়াৰ ভিতৰত তেওঁ প্ৰায় ৬০০ খন ৰোলছ ৰয়েছ বাহনৰ গৰাকী। যাৰ বাবে তেওঁ আনুষ্ঠানিকভাৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ অৰ্জন কৰিছে।  
 
এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, তেওঁ সংগ্ৰহ কৰা বাহন সমূহৰ ভিতৰত প্ৰায় ৪৫০ খন ফেৰাৰী আৰু ৩৮০ খন বেণ্টলিও অন্তৰ্ভুক্ত কৰা হৈছে। এক সূত্ৰই জনোৱা মতে, তেওঁৰ ওচৰত পৰ্ছে, লেমবৰ্গিনি, মেইবাক, জাগুয়াৰ, বিএমডব্লিউ, মেকলেৰেন আদি  বাহনো আছে।  
 
চুলতান হাছানাল বলকিয়াৰ সংগ্ৰহৰ আটাইতকৈ উল্লেখযোগ্য বাহনসমূহৰ ভিতৰত আছে প্ৰায় $৮ কোটি মূল্যৰ বেণ্টলি ডমিনেটৰ এছ ইউ ভি, হৰাইজন ব্লু পেইণ্ট আৰু এক্স ৮৮ পাৱাৰ পেকেজযুক্ত 'পৰ্ছে ৯১১' আৰু ২৪ কেৰেটৰ সোণৰ প্লেটেড 'ৰ'লছ ৰয়েছ ছিলভাৰ স্পাৰ II'।  
 
চুলতান বলকিয়াই বাস কৰা ইস্তানা নুৰুল ইমান প্ৰাসাদ
 
তেওঁৰ অন্যতম বহুমূলীয়া সম্পত্তি হ'ল মুকলি চাল আৰু ছাতি থকা কাষ্টম ডিজাইন কৰা ৰ'লছ ৰয়েচ, সোণেৰে আড়ম্বৰপূৰ্ণভাৱে ডিজাইন কৰা। ২০০৭ চনত চুলতানগৰাকীয়ে তেওঁৰ কন্যা ৰাজকুমাৰী মাজেদেদাৰ বিয়াৰ বাবে কাষ্টম সোণৰ আৱৰণযুক্ত ৰ'লছ ৰয়েছ বাহন লাভ কৰিছিল। 
 
অৱশ্যে চুলতান হাছানাল বলকিয়াৰ বাহনৰ সংগ্ৰহ বিশাল হিমপৰ্বতৰ শৃংগৰ দৰে। চুলতান বলকিয়াই ইস্তানা নুৰুল ইমান প্ৰাসাদত বাস কৰে। যিটো বিশ্বৰ সৰ্ববৃহৎ আৱাসিক প্ৰাসাদ হিচাপে গিনিজ বিশ্ব অভিলেখ গঢ়িছে। ইয়াৰ বিস্তৃতি ২০ লাখ বৰ্গফুটতকৈও অধিক আৰু ইয়াত ২২ কেৰেটৰ সোণেৰে সজাই তোলা হৈছে। 
 
এই ৰাজপ্ৰসাদটোত পাঁচটা চুইমিং পুল, ১৭০০টা শুৱনি কোঠা, ২৫৭টা স্নানাগাৰ আৰু ১১০টা গেৰেজ আছে। চুলতানৰ এখন ব্যক্তিগত চিৰিয়াখানাও আছে। যিখন চিৰিয়াখানাত ৩০টা ঢেকীয়াপটীয়া বাঘ আৰু বিভিন্ন প্ৰজাতিৰ চৰাই আছে। তেওঁৰ নিজৰ এখন বয়িং ৭৪৭ বিমানো আছে।