সুনীতা উইলিয়ামছক লৈ এলন মাস্ক-ডেনিছ মহাকাশচাৰীৰ মাজত তুমুল বিতৰ্ক

Story by  atv | Posted by  [email protected] • 19 h ago
সুনীতা উইলিয়ামছক লৈ এলন মাস্ক-ডেনিছ মহাকাশচাৰীৰ মাজত কাজিয়া
সুনীতা উইলিয়ামছক লৈ এলন মাস্ক-ডেনিছ মহাকাশচাৰীৰ মাজত কাজিয়া
 
নতুন দিল্লী
 
ভাৰতীয় মূলৰ মার্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী উইলমোৰ বুশ্ব দীর্ঘসময় ধৰি আন্তর্জাতিক মহাকাশ কেন্দ্রত আবদ্ধ হৈ আছে। বিগত বৰ্ষৰ জুনৰ পৰা মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু উইলমোৰক অহা মাহত পৃথিৱীলৈ ওভতাই অনাৰ সম্ভাৱনা আছে।
 
ইয়াৰ বাবে মার্কিন ৰাষ্ট্ৰপতিয়ে দায়িত্ব প্রদান কৰিছে এলন মাস্কক। ইয়াৰ মাজতে আজি সুনীতা উইলিয়ামছক কেন্দ্র কৰি কাজিয়াত লিপ্ত হৈছে এলন মাস্ক আৰু ডেনমার্কৰ মহাকাশচাৰী এন্ড্রিয়াছ মোগেনছন। মাস্কে আনকি মোগেনছনক 'মুখ' বুলিও অভিহিত কৰে। সামাজিক মাধ্যমত মাস্কে এক সাক্ষাৎ প্রসংগত মোগেনজনক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰা দেখা যায়।
 
মাস্কে কৈছিল যে ৰাজনৈতিক কাৰণত বাইডেনে সুনীতা উইলিয়ামছক মহাকাশত এৰি দিছিল। ইয়াকে লৈ ডেনমাৰ্কৰ মোগেনছনে মাস্কক সমালোচনা কৰাত তেওঁক মূর্খ বুলি অভিহিত কৰে।